মুম্বাই, 9 জুলাই : মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ক'ভিড-19 পজিটিভ 181 গৰাকী কাৰাবন্দীৰ 177 গৰাকীয়ে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে ৷ কাৰাগাৰত 181 গৰাকী ক'ভিড-19 পজিটিভ ৰোগীৰ 1 গৰাকী বৰ্তমানে আৰোগ্য হৈ উঠা নাই বুলি জানিবলৈ দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই ৷ অন্য 177 গৰাকী ক'ভিড-19 ত আক্ৰান্ত হৈছিল যদিও বৰ্তমান সুস্থ হৈ উঠিছে ৷ আনহাতে, 3 গৰাকীৰ ৰোগীৰ ফলাফল বৰ্তমানলৈ অহা নাই ৷ জেল কৰ্তৃপক্ষই অন্য চাৰি গৰাকী কাৰাবন্দীৰ ফলাফল এসপ্তাহৰ ভিতৰত নিগেটিভ আহিব বুলি আশা ব্যক্ত কৰিছে ৷
আৰোগ্য় হৈ উঠিল আৰ্থাৰ কাৰাগাৰৰ 177 ক'ভিড-19 কাৰাবন্দী
কাৰাগাৰৰ 3 গৰাকী কাৰাবন্দীৰ ফলাফল বৰ্তমানলৈ অহা নাই ৷
আৰোগ্য় হৈ উঠিল আৰ্থাৰ কাৰাগাৰৰ 177 ক'ভিড-19 কাৰাবন্দী
কাৰাগাৰৰ 28 জন বিষয়াৰো ক'ভিড-19 ৰ পৰীক্ষণ কৰা হৈছিল আৰু ইয়াৰে 26 জন কৰ্মচাৰীৰ ফলাফল নিগেটিভ অহাৰ লগতে তেওঁলোকৰ অধিকাংশই বৰ্তমান চাকৰিতো যোগদান কৰিছে ৷ মুম্বাইৰ আৰ্থাৰ কাৰাগাৰত কাৰাবন্দীৰ দেহত প্ৰথমে ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰিছিল ৷
লগতে পঢ়ক :ইউক্ৰেইনত বনজুই : ঘটনাস্থলীত উপস্থিত ৰাষ্ট্ৰপতি জেলেংস্কি