নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ দেশত এদিনত সৰ্বাধিক সংখ্যক লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । শুকুৰবাৰৰ দিনটোত ভাৰতত পোহৰলৈ আহিছে ১,৭৫২ গৰাকী লোক মাৰাত্মক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ উদ্বেগজনক তথ্য । এতিয়ালৈকে ভাৰতত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৭২৪ গৰাকী লোক । ইয়াৰ পিচতেই দেশত এতিয়ালৈ সৰ্বাধিক সংখ্যক ২৩,৪৫২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৪,৮১৪ গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে এতিয়াও সক্ৰিয় হৈ আছে ১৭,৯১৫টা ঘটনা ।
লগতে পঢ়কঃমণিপুৰত উগ্ৰপন্থীৰ সন্ধানত যোৱা আসাম ৰাইফল্ছৰ প্ৰৱেশত মহিলাৰ বাধা
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱালে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য । দেশত কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য হোৱাৰ হাৰ শুকুৰবাৰে ২০.৫৭ শতাংশ হয় বুলিও সচিবগৰাকীয়ে উল্লেখ কৰে । দেশত ১৫ খন জিলাত কোনোধৰণৰ নতুন ঘটনা পোহৰলৈ অহা নাই বুলিও তেওঁ লগতে উল্লেখ কৰে । শুকুৰবাৰে দেশত ৪১৯ গৰাকী লোকে আৰোগ্য লাভ কৰে । আগৰৱালে প্ৰকাশ কৰা অনুসৰি, বিগত ১৪ দিনত দেশৰ ৮০খন জিলাত কোনোধৰণৰ নতুন ঘটনা পোহৰলৈ অহা নাই ।