নিউজ ডেস্ক, 13 এপ্ৰিলঃমহাৰাষ্ট্ৰ আৰক্ষীয়ে দেওবাৰে 154 গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ বিগত মাহত দিল্লীত অনুষ্ঠিত হোৱা তবলিগী জামাতৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহাৰাষ্ট্ৰত আশ্ৰয় লৈ আছিল লোককেইজনে ৷ লোককেইজনৰ বিষয়ে তথ্য লাভ কৰি আৰক্ষীয়ে বিদেশী নাগৰিক আইন, 1946 ৰ নিয়ম ভংগ কৰাৰ অপৰাধত আটাইকেইজনৰ বিৰুদ্ধে এইদৰে গোচৰ ৰুজু কৰে ৷
মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে এই তথ্য প্ৰকাশ কৰিছে ৷ পৰ্যটক ভিছা লৈ ভাৰতত প্ৰৱেশ কৰাৰ পিচতেই এইসকল লোকে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ বিভিন্ন প্ৰান্তত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আঁৰত নিজামুদ্দিনত আয়োজিত তবলিগী জামাতেই মূল কাৰণ বুলি অভিহিত কৰিছে ৷