নিউজ ডেস্ক, ৬ জুলাই :দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাই যে, ২৫ হাজাৰ কৰ'ণা ৰোগীৰ ভিতৰত ১৫ হাজাৰ ৰোগীৰ চিকিৎসা ঘৰত কৰি থকা হৈছে । ঘৰত যিসকল ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে বৰ্তমান তেওঁলোকক চিকিৎসা প্ৰদান কৰাত সফল হৈছে বুলি জানিবলৈ দিয়ে কেজৰিৱালে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, দিল্লীত প্ৰতিদিনে মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫৫ ৰ পৰা ৬০ গৰাকী । আমি মৃতকৰ সংখ্যা কমাই আনিবলৈ চেষ্টা চলাই আছো । লগতে কোভিড চিকিৎসালয়ৰ আসনৰ সন্দৰ্ভতো প্ৰশ্নৰ অৱতাৰণা কৰি কয় যে, বিগত ১ সপ্তাহত চিকিৎসালয়ত থকা ৰোগীৰ সংখ্যা আছিল ৬,২০০ কিন্তু বৰ্তমান ৰোগীৰ সংখ্যা কমি হলগৈ ৫,১০০ গৰাকী ।