অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ সোলাপুৰত প্ৰলয়ংকাৰী বানত ১৪জনৰ মৃত্যু - বৃষ্টিপাত

প্ৰৱল বৃষ্টিপাতৰ বাবে মহাৰাষ্ট্ৰৰ সোলাপুৰত ভায়ৱহ ৰূপ লৈছে বানে । বিধ্বংসী বানে এই পৰ্যন্ত প্ৰাণ কাঢ়িলে ১৪ জন লোকৰ । সোলাপুৰ জিলাৰ ৫৭০ খনকৈ গাঁও প্লাবিত কৰিছে বানে ।

মহাৰাষ্ট্ৰৰ সোলাপুৰত প্ৰলয়ংকাৰী বানত ১৪জনৰ মৃত্যু
মহাৰাষ্ট্ৰৰ সোলাপুৰত প্ৰলয়ংকাৰী বানত ১৪জনৰ মৃত্যু

By

Published : Oct 16, 2020, 1:09 PM IST

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: মুষলধাৰ বৰষুণৰ বাবে মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাত বানে কালৰূপ ধাৰণ কৰিছে । প্ৰলয়ংকাৰী বানত কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে সোলাপুৰৰ ১৪জন লোকে । নিতৌ নতুন নতুন গাঁও প্লাবিত কৰিছে বাঢ়নী পানীয়ে । এই পৰ্যন্ত সোলাপুৰ জিলাৰ ৫৭০খন গাঁও বানৰ কবলত পৰিছে বুলি বৃহস্পতিবাৰে প্ৰকাশ কৰিছে চৰকাৰী বিষয়াই । বাসগৃহ, কৃষিভূমি সকলোতে কেৱল পানী । বাঢ়নী পানীয়ে বুৰাই পেলাইছে বাট-পথ ।

যোৱা ১৪ অক্টোবৰত প্ৰৱল বৃষ্টিপাতৰ ফলত পন্ধৰপুৰৰ মন্দিৰ চহৰত দেৱাল ভাঙি পৰাত ৬জন লোকৰ মৃত্য হয় । ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে বৃহস্পতিবাৰে পন্ধৰপুৰত সংঘটিত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে । লগতে ইয়াৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে । বিগত কিছুদিন ধৰি মহাৰাষ্ট্ৰ বিভিন্ন স্থানত ধাৰাসাৰ বৃষ্টিপাত হৈছে ।

মহাৰাষ্ট্ৰৰ সোলাপুৰত প্ৰলয়ংকাৰী বানত ১৪জনৰ মৃত্যু

আটাইতকৈ অধিক ক্ষয়-ক্ষতি হৈছে সোলাপুৰ, কোল্হাপুৰ, সাংগলী, পুণে, পশ্চিম মহাৰাষ্ট্ৰৰ সতাৰা আৰু মৰাঠৱাড়াৰ লাতুৰ, উস্মানাবাদ আৰু বীড অঞ্চলত । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৰাজ্য প্ৰশাসন, সেনা, নৌসেনা, আৰু বায়ুসেনাক জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে । ইতিমধ্যে NDRFৰ দলক উস্মানাবাদ, সোলাপুৰ, পন্ধৰপুৰ আৰু বাৰামতীত সাজু কৰি ৰখা হৈছে বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ।

লগতে পঢ়ক:IPLৰ ইতিহাসত দ্ৰুত বলাৰৰ খিতাপ দখল আনৰিছ নৰ্টজেৰ

ABOUT THE AUTHOR

...view details