নিউজ ডেস্ক, 28 জুলাইঃ দেওবাৰে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা 14গৰাকী বিধায়ক দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ ৷ বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাচতেই বিধায়ককেইজনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰ্তমানলৈকে বিধানসভাৰ পৰা বৰ্খাস্ত হোৱা বিধায়কৰ মুঠ সংখ্যা 17 গৰাকী ৷
অযোগ্য ঘোষণা কৰা বিধায়ক দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ - কে আৰ ৰমেশ কুমাৰ
এতিয়াও অন্ত পৰা নাই হাই-ভল্টেজ কৰ্ণাটকৰ ৰাজনৈতিক ড্ৰামা ৷ দেওবাৰে ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা 14গৰাকী বিধায়ক দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ ৷
অযোগ্য ঘোষণা কৰা বিধায়ক দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ
সোমবাৰে মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই বিধানসভাত বহুমত প্ৰমাণ কৰিব লাগিব। সোমবাৰে কৰ্ণাটকৰ নৱনিৰ্বাচিত বি এছ য়েদেয়ুৰাপ্পা চৰকাৰখন আস্থাভোটৰ সন্মুখীন হ’ব ৷ সংখ্যাগৰিষ্ঠ দল হবলৈ হলে য়েদেয়ুৰাপ্পা চৰকাৰখনক দৰকাৰ হ’ব 106 খন আসনৰ ৷ উল্লেখ্য যে, কংগ্ৰেছ-জেডিএছৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হোৱাৰ পিছতে কৰ্ণাটকত নতুন চৰকাৰ গঠন কৰিছিল বিজেপিয়ে।