নিউজ ডেস্ক, 21 আগষ্ট : দেশক ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ এখন দুগ্ধ পামত এম'নিয়া গেছ নিৰ্গমন হোৱাৰ ফলত 14 গৰাকী লোক গুৰুতৰভাবে আহত হয় ৷ আহতসকলক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰ ভিতৰত 3 গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ কিন্তু বৰ্তমানলৈ গেছ নিৰ্গমন হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই ৷
জিলা উপায়ুক্ত ডাঃ নাৰায়ন ভৰত গুপ্তাই জানিবলৈ দিয়া অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া নিৰ্গমন হোৱা গেছৰ ফলত দুগ্ধপামখনত কৰ্মৰত 14 গৰাকী কৰ্মচাৰী গুৰুতৰভাবে অসুস্থ হৈছে ৷ আহতসকলৰ ভিতৰত আটাইকেইগৰাকী মহিলা বুলি জানিব পৰা গৈছে ৷ প্ৰথম অৱস্থাত তেওঁলোকক জিলাখনৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও 3 গৰাকীৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে তিৰুপতিৰ SVIMS চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷