অসম

assam

ETV Bharat / bharat

ফিলিপাইনছত আৱদ্ধ ১৩৯ শিক্ষাৰ্থী ভাৰতত উপস্থিত - লকডাউন

কোভিড-১৯ মহামাৰীৰ ফলত ফিলিপাইনছত আৱদ্ধ হৈ থকা ১৩৯ গৰাকী ভাৰতীয় শিক্ষাৰ্থী অৱশেষত দেশত আহি উপস্থিত হয় । মঙলবাৰে শিক্ষাৰ্থীসকল আহমেদাবাদত উপস্থিত হয় ।

ফিলিপাইনছত আৱদ্ধ ১৩৯ শিক্ষাৰ্থী ভাৰতত উপস্থিত
ফিলিপাইনছত আৱদ্ধ ১৩৯ শিক্ষাৰ্থী ভাৰতত উপস্থিত

By

Published : May 12, 2020, 6:48 PM IST

নিউজ ডেস্ক, ১২ মে' :কোভিড-১৯ মহামাৰীৰ ফলত ফিলিপাইছনত আৱদ্ধ হৈ পৰা ভাৰতীয় শিক্ষাৰ্থীৰ এটা দল মঙলবাৰে আহমেদাবাদত উপস্থিত হয় । বিশেষ বিমানেৰে এইদৰে দেশত আহি উপস্থিত হয় শিক্ষাৰ্থীৰ দলটো । গুজৰাট চৰকাৰে সংবাদমাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰিছে ।

লকডাউনৰ তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল বন্ধ হৈ পৰাৰ ফলত এইদৰে ফিলিপাইনছৰ ৰাজধানী মেনিলাত আৱদ্ধ হৈ আছিল শিক্ষাৰ্থীৰ দলটো । দলটোত সৰ্বমুঠ ১৩৯ গৰাকী শিক্ষাৰ্থী আছিল আৰু উচ্চ শিক্ষাৰ বাবে ফিলিপাইনছলৈ গৈছিল । গুজৰাট চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, শিক্ষাৰ্থীৰ দলটোত থকা সদস্যসকলক নিজ নিজ গৃহ জিলালৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক ১৪ দিনৰ আনুষ্ঠানিক কোৱাৰেন্টাইনত থাকিবলৈ কোৱা হৈছে ।

গুজৰাট চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনৰ হাজাৰৰো অধিক শিক্ষাৰ্থী বিশ্বৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে "বন্দে ভাৰত" অভিযান মুকলি কৰিছে । এই অভিযানৰ দ্বাৰা বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক আকাশী পথেৰে ভাৰতলৈ ওভোটাই অনাৰ ব্যৱস্থা কৰিছে কেন্দ্ৰই ।

লগতে পঢ়কঃ৫৮০ টন অত্যাৱশ্যকীয় সামগ্ৰীৰে মালদ্বীপত উপস্থিত নৌ-সেনাৰ জাহাজ কেশৰী

ABOUT THE AUTHOR

...view details