নিউজ ডেস্ক, ৪ জুনঃ তেলেংগাণাৰ মেডছাল জিলাত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা। এগৰাকী ২২ বছৰীয়া যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে এগৰাকী ১৩ বছৰীয়া কিশোৰী। ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে বুলি বালানগৰ জিলা উপায়ুক্ত পি.ভি.পদ্মজাই উল্লেখ কৰে।
তেলেংগাণাত বাল্য বিবাহঃ দৰাক গ্ৰেপ্তাৰৰ দাবী সমাজকৰ্মীৰ জিলা উপাযুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ১ জুনত এই বিবাহ সম্পন্ন হৈছে। এই সন্দৰ্ভত মহিলা আৰু শিশু কল্যাণ বিভাগে প্ৰস্তুত কৰা প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলি জিলা উপাযুক্ত পি.ভি. পদ্মজাই জানিবলৈ দিয়ে।
আসুতা ৰাও নামৰ এগৰাকী শিশু অধিকাৰ কৰ্মীয়ে এই বাল্য বিবাহত জড়িত লোকক আটক কৰিবলৈ তেলেংগাণা চৰকাৰক দাবী জনাইছে। সমাজ কৰ্মীগৰাকীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ছেকেন্দ্ৰাবাদ জিলা উপাযুক্ত,বালানগৰ জিলা উপাযুক্ত আৰু মহিলা আৰু শিশু কল্যাণ বিভাগক অৱগত কৰাইছে। লগতে,বাল্য বিবাহ এক অপৰাধ বুলি মন্তব্য কৰি দৰাজনকো গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে সমাজকৰ্মীগৰাকীয়ে। সম্প্ৰতি এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে চাওকঃ 6.8 ৰিখ্টাৰ স্কেলৰ ভূমিকম্পই জোঁকাৰি গ'ল ইণ্ডোনেছিয়া