অসম

assam

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ত ১৩ গৰাকী ব্যক্তি কৰ'ণা পজিটিভ

By

Published : Jun 2, 2020, 2:10 PM IST

ৰাষ্ট্ৰপতি ভৱনৰ পাছত লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ৰ কৰ্মচাৰী আক্ৰান্ত হৈছে কোভিড ১৯ত। কাৰ্যালয়টোৰ বৰ্ধিত শাখাৰ এগৰাকী কৰ্মচাৰীৰ কৰ'ণা পজিটিভ পোৱাৰ পাছতে সকলো কৰ্মচাৰীৰ কোভিড ১৯ পৰীক্ষা কৰা হয়। বৰ্তমানলৈকে কাৰ্যালয়টোৰ ১৩ গৰাকী লোকৰ দেহত এই ভাইৰাচৰ উপস্থিতি পোৱা গৈছে ।

covid 19
13 people test positive at Delhi delhi lieutenant governor anil baijal office

নিউজ ডেস্ক, ২ জুনঃ দিল্লীৰ ৰাজ নিৱাসস্থিত লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজালৰ কাৰ্যালয়ত ১৩ গৰাকী ব্যক্তিৰ কৰ'ণা পজিটিভ পোৱা গৈছে। লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ত কাম কৰা সকলো লোকৰে কোভিড ১৯ পৰীক্ষা কৰি থকা হৈছে যদিও ইতিমধ্যে ১৩ জন ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাচৰ উপস্থিতি ধৰা পৰিছে। মংগলবাৰৰ দিনটোৰ ভিতৰত বাকি থকা লোকসকলৰ কোভিড ১৯ পৰীক্ষাৰ ফলাফল অহাৰ সম্ভাৱনা আছে।

লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ৰ বৰ্ধিত শাখাৰ এগৰাকী কৰ্মচাৰী প্ৰথমে কোভিড ১৯ ত আক্ৰান্ত হৈছিল । ইয়াৰ পাছতে কাৰ্যালয়টোৰ অন্য কৰ্মচাৰীসকলৰো কৰ'ণা পৰীক্ষা কৰা হয় । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰীৰো কৰ'ণা পজিটিভ পোৱা গৈছিল ।

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ত ১৩ গৰাকী ব্যক্তি কৰ'ণা পজিটিভ

ৰাজধানী চহৰখনত ৰাষ্ট্ৰপতি ভৱন, লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ৰ ওপৰিও বহুসংখ্যক আৰক্ষীৰ লোক, চিকিৎসা কৰ্মী আদি এই ভাইৰাচত আক্ৰান্ত হৈছে । এইপৰ্যন্ত চহৰখনত 20,800 গৰাকীৰ অধিক লোক কোভিড ১৯ ত আক্ৰান্ত হোৱাৰ বিপৰীতে এই মহামাৰীত মৃত্যুমুখত পৰিছে ৫২৩ গৰাকী লোক । তদুপৰি ৮,৭৪৬ গৰাকী লোকে কোভিড ১৯ ৰ পৰা আৰোগ্য লাভ কৰিছে।

ABOUT THE AUTHOR

...view details