ত্ৰিপুৰাত নতুনকৈ 13 গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী চিনাক্ত - covid 19 positive
মঙলবাৰে নিশা মুঠ 13 জনৰ শৰীৰত ধৰা পৰিল COVID-19ৰ উপস্থিতি
ত্ৰিপুৰাত পুনৰ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা
কৰিমগঞ্জ,6 মে'ঃত্ৰিপুৰাত পুনৰ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ধলাই জিলাৰ আমবাছা 138 নং বিএছএফ ইউনিটৰ জোৱান আক্ৰান্ত হৈছে COVID-19ত ৷ চাৰিদিনত সৰ্বমুঠ 40 জন জোৱানৰ শৰীৰত ধৰা পৰিল COVID-19ৰ উপস্থিতি ৷ মঙলবাৰে নিশা 12 জন জোৱানৰ লগতে এগৰাকী ৰান্ধনিৰ শৰীৰত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ ত্ৰিপুৰাত এতিয়ালৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 42 গৰাকীলৈ ৷ টুইটাৰ যোগে এই তথ্য সদৰি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ।