অসম

assam

ETV Bharat / bharat

চেনিটাইজাৰ সেৱন কৰি অন্ধ্ৰত মৃত্যু হোৱা লোকৰ সংখ্যা 13 লৈ বৃদ্ধি - চেনিটাইজাৰ সেৱন কৰি মৃত্যু

উপ আৰক্ষী অধীক্ষক কে প্ৰকাশ ৰাওয়ে কয় যে,সুৰাৰ দোকান বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত লোক কেইজনে সুৰাৰ সলনি চেনিটাইজাৰ সেৱন কৰিছিল ৷

চেনিটাইজাৰ সেৱন কৰি অন্ধ্ৰত মৃত্যু হোৱা লোকৰ সংখ্যা 13 লৈ বৃদ্ধি
চেনিটাইজাৰ সেৱন কৰি অন্ধ্ৰত মৃত্যু হোৱা লোকৰ সংখ্যা 13 লৈ বৃদ্ধি

By

Published : Aug 1, 2020, 10:43 PM IST

নিউজ ডেস্ক, 1 আগষ্টঃ অন্ধ্ৰ প্ৰদেশৰ প্ৰকাচম্ জিলাৰ কুৰিছেডু গাঁৱত চেনিটাইজাৰ সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা শনিবাৰে 13 জনলৈ বৃদ্ধি পালে ৷

চেনিটাইজাৰ সেৱন কৰি অন্ধ্ৰত মৃত্যু হোৱা লোকৰ সংখ্যা 13 লৈ বৃদ্ধি

জিলাখনৰ উপ আৰক্ষী বিষয়া কে প্ৰকাশ ৰাওৱে কয় যে,সুৰাৰ দোকান বন্ধ থকাৰ বাবে লোক কেইজনে মেডিকেল ষ্টৰৰ পৰা চেনিটাইজাৰৰ বটল কিনি আনিছিল ৷ তেওঁলোকৰ মাজত উৰাবাতৰি বিয়পি পৰিছিল যে,চেনিটাইজাৰত মিহলি কৰা হয় সুৰা, সেয়ে সুৰা নাপাই চেনিটাইজাৰেই সেৱন কৰে তেওঁলোকে ৷ উল্লেখ্য যে, 60 জন লোকৰ দেহত কৰ’ণা পজিটিভ পোৱাৰ পাচত প্ৰশাসনে 10 দিন পূৰ্বৰে পৰা সুৰাৰ বিপণী সমূহ বন্ধ ৰখা হৈছিল ৷

আনহাতে আৰক্ষীয়ে বহু খালী চেনিটাইজাৰৰ বটল জব্দ কৰি পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে অৱগত কৰে ৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে চেনিটাইজাৰ সেৱন কৰি তিনিজন ভিক্ষাৰী,তিনিজন ৰিক্সাচালক আৰু তিনিজন শ্ৰমিক নিহত হৈছিল ৷ শনিবাৰে ইয়াৰ সংখ্যা 14 লৈ বৃদ্ধি পালে ৷

চিআৰপিচিৰ অধীনত 174 শাখাৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃPSAৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা বৃদ্ধিৰে আইনৰ অপপ্ৰয়োগ : চিদাম্বৰম

ABOUT THE AUTHOR

...view details