নিউজ ডেস্ক,১৫জুলাই: কানপুৰত আঠজনকৈ কৰ্তব্যৰত আৰক্ষীক হত্যাৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যখনৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে ক'লে, সেই আক্ৰমণৰ ঘটনাৰ লগত জড়িত ২১ টা অপৰাধীৰ ৬টা অপৰাধীৰ ইতিমধ্যে মৃত্যু হৈছে । ইয়াৰে ৪টাক আৰক্ষীয়ে আটক কৰিছে । বাকী থকা ১১টা আক্ৰমণকাৰীৰ সন্ধানত বৰ্তমানেও আৰক্ষীৰ অভিযান অব্যাহত আছে ।
বিগত তিনি বছৰত ইউ পিত ৬১২৬ টা এনকাউণ্টাৰ,১১২ কুখ্যাত অপৰাধীৰ মৃত্যু - দুৰ্ঘটণা
উত্তৰ প্ৰদেশৰ কানপুৰত আৰক্ষীৰে হোৱা সংঘৰ্ষত কুখ্যাত গেংষ্টাৰ বিকাশ ডুৱেৰ মৃত্যু হোৱাৰ কেইদিনমান পিছতেই ৰাজ্যখনৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে জনালে বিগত তিনিটা বছৰত উত্তৰ প্ৰদেশ আৰক্ষীৰে হোৱা প্ৰায় ৬ হাজাৰটা এনকাউণ্টাৰত ১২২ টাতকৈ অধিক কুখ্যাত অপৰাধীৰ মৃত্যু হৈছে । অৱশ্যে এই এনকাউণ্টাৰত ১৩ জনকৈ আৰক্ষী কৰ্মীয়েও দিব লগা হ'ল জীৱন দান । তাৰোপৰি এই সময়চোৱাত ১৩হাজাৰৰো অধিক অপৰাধীক আটক কৰাৰ বিপৰীতে আৰক্ষীৰ অভিযানত আঘাতপ্ৰাপ্ত হৈ আটক হৈছে ২হাজাৰ অপৰাধী ।

বিগত তিনি বছৰত ইউ পিত ৬১২৬ টা এনকাউণ্টাৰ,১১২ কুখ্যাত অপৰাধীৰ মৃত্যু
উল্লেখ্য যে তিনি জুলাইত কানপুৰৰ বিক্ৰু গাঁৱত এগৰাকী ডি এচ পি সহ ৮জন আৰক্ষীৰ লোকক গেংষ্টাৰ বিকাশ ডুবেৰ গেঙৰ সদস্যই আক্ৰমণ কৰি হত্যা কৰিছিল । গেংষ্টাৰৰ সন্ধানত ২জুলাইৰ মাজৰাতি চলা এক অভিযানত এজন সাধাৰণ নাগৰিককে ধৰি আৰু ৭জন লোক আঘাটপ্ৰাপ্ত হৈছিল ।
অৱশেষত ১০জুলাইত উজ্জেইনৰ পৰা কানপুৰলৈ নি থকা অৱস্থাত ভাউটি এলেকাত আৰক্ষীৰ বাহনখন দুৰ্ঘটণাত পতিত হোৱাৰ সুযোগ লৈ আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰাৰ সময়তে আৰক্ষীৰ গুলিত নিহত হৈছিল বিকাশ ডুৱে নামৰ গেংষ্টাৰটো ।