নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : যোধপুৰ জিলাত এগৰাকী 12 বছৰীয়া কিশোৰীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান ৷ সোমবাৰে উমেদ হাস্পতালত প্ৰসৱৰ পাচত কিশোৰীগৰাকীয়ে পৰিয়ালক তেওঁৰ সৈতে সংঘটিত ঘটনা সম্পৰ্কত জানিবলৈ দিয়ে ৷ ইয়াৰ পাচতে পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এজনক আটক কৰে ৷
ঘটনা সম্পৰ্কত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,12 বৰ্ষীয় কিশোৰীগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷ 9 মাহ পূৰ্বে তেওঁৰে প্ৰতিবেশী 30 বৰ্ষীয় এজন যুৱকে মোবাইল দেখুওৱাৰ চলেৰে নি ধৰ্ষণ কৰে ৷ কিশোৰীগৰাকীয়ে ভীতিগ্ৰস্ত হৈ এই সম্পৰ্কে পৰিয়ালৰ পৰা লুকুৱাই ৰাখে ৷
দেওবাৰৰ দিনা কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে স্থানীয় হাস্পতালত ভৰ্তি কৰে ৷ ইয়াৰ পাচতে চিকিৎসকে কিশোৰীগৰাকী গৰ্ভৱতী হোৱা বুলি পৰিয়ালক জনোৱাৰ লগতে উমেদ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ হাস্পতালত কিশোৰীগৰাকীয়ে এটি সন্তান জন্ম দিয়ে ৷ ঘটনা সম্পৰ্কত হাস্পতাল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে হাস্পতালত উপস্থিত হৈ পৰিয়ালৰ পৰা লিখিত ৰূপত গোচৰ ৰুজু কৰে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে অভিযুক্তক আটক কৰে ৷ অভিযুক্তৰ বিৰুদ্ধে POCSO আইনৰ অধীনত তদন্ত আৰম্ভ কৰা হৈছে ৷
লগতে পঢ়ক :AUS বনাম IND দ্বিতীয় টেষ্ট : 8 উইকেটত জয় সাব্যস্ত ভাৰতৰ