নেশ্যনেল ডেস্ক, ২৪ জুন :মহাৰাষ্ট্ৰৰ লোনাৱালাস্থিত ভাৰতীয় নৌসেনা বাহিনীৰ অন্যতম প্ৰধান প্ৰশিক্ষণ প্ৰতিষ্ঠান আইএনএছ শিৱাজীৰ কমেও ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে । ভাৰতীয় নৌসেনাৰ এক সূত্ৰই সদৰী কৰে এই কথা ।
উল্লেখ্য যে,প্ৰথমটো উপস্থিতি ১৮ জুনত পোৱা গৈছিল আৰু এই সংক্ৰমিত কেডেট গৰাকী ১৫৭ প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ মাজৰ এগৰাকী আছিল,যিয়ে চলিত মাহৰ আৰম্ভণিতে লক ডাউনৰ শিথিলৰ পিছতেই পুনৰ প্ৰতিষ্ঠানলৈ অহাৰ কথা অৱগত কৰিছিল । মঙলবাৰে নৌসেনাই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ পায় ।