নিউজ ডেস্ক, 7 আগষ্টঃতেলেংগানাত বৃহস্পতিবাৰৰ দিনটোত কৰ'ণাত আক্ৰান্ত হৈছে 2,207 গৰাকীৰো অধিক ব্যক্তি ৷ আনহাতে কৰ'ণাত আক্ৰান্ত হৈ 12 গৰাকী লোকৰ মৃত্যু হয় বুলি সদৰি কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা 75,275 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে বৰ্তমান পৰ্যন্ত 21,417 গৰাকী ব্যক্তিৰ দেহত এই মাৰাত্মক ভাইৰাছ সক্ৰিয় হৈ আছে বুলি সদৰি কৰে স্বাস্থ্য বিভাগে ৷
তেলেংগানাত 601 গৰাকীলৈ বৃদ্ধি কৰ'ণাত মৃতকৰ সংখ্যা - তেলেংগানাত 601 গৰাকীলৈ বৃদ্ধি কৰ'ণাত মৃতকৰ সংখ্যা
বিগত 24 ঘণ্টাত তেলেংগানাত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু 12 গৰাকী লোকৰ ৷ আনহাতে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে 2,207 গৰাকী ৷ তেলেংগানাত কৰ'ণা আক্ৰান্তৰ মুঠ সংখ্যা হৈছে 75,275 গৰাকী ৷
তেলেংগানাত 601 গৰাকীলৈ বৃদ্ধি কৰ'ণাত মৃতকৰ সংখ্যা
আনহাতে, এই পৰ্যন্ত এই ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠিছে 53,239 গৰাকী লোক ৷ তাৰোপৰি ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে 601 গৰাকী লোক ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত 23,495 গৰাকী ব্যক্তিৰ ইতিমধ্যে কৰ'ণা পৰীক্ষা কৰা হৈছে বুলিও সদৰি কৰে ৷
লগতে পঢ়ক :সুশান্ত কাণ্ডঃ চমনৰ পাছত ই ডিৰ কাৰ্যালয়ত উপস্থিত ৰিয়া চক্ৰৱৰ্তী