অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰ: ভাৰতত অবৈধভাৱে বাস কৰা বাৰজন বাংলাদেশীক গ্ৰেপ্তাৰ - মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বৈইচৰ

সোমবাৰে সন্ত্ৰাসবাদ বিৰোধী গোটে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বৈইচৰ এলেকাত অবৈধভাৱে বসবাস কৰি থকা বাৰজন বাংলাদেশীক আটক কৰিবলৈ সক্ষম হয় ৷ বাৰজনৰ ভিতৰত ন গৰাকী আছিল মহিলা ৷ তেওঁলোকৰ ওপৰত ইতিমধ্য গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে ৷

12 Bangladeshi nationals arrested for staying illegally in India by anti-terrorism cell
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বৈইচৰ এলেকাত অবৈধভাৱে বসবাস কৰি থকা বাৰজন বাংলাদেশীক আটক

By

Published : Dec 17, 2019, 2:21 PM IST

নিউজ ডেক্স, 17 ডিচেম্বৰ : বৈধ নথি-পত্ৰ অবিহনে ভাৰতত বাস কৰি থকা বাংলাদেশীক আটক কৰিবলৈ সক্ষম হয় সন্ত্ৰাসবাদ বিৰোধী গোট ৷ সোমবাৰে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বৈইচৰ এলেকাৰ পৰা সন্ত্ৰাসবাদ বিৰোধী গোটে ন গৰাকী মহিলাসহ সৰ্বমুঠ বাৰজন বাংলাদেশীক গ্ৰেপ্তাৰ কৰে ৷ সন্ত্ৰাসবাদ বিৰোধী গোটৰ সহকাৰী আৰক্ষী পৰিদৰ্শক মানসিংহ পাটিলে মন্তব্য তেওঁ এক বিশেষ সূত্ৰৰ দ্বাৰা বাৰ গৰাকী বাংলাদেশীয়ে বৈইচৰ এলেকাত বৈধ নথি-পত্ৰ নথকাকৈ বাস কৰি আছিল বুলি খবৰ লাভ কৰিছিল ৷ ইতিমধ্য তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে ৷

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বৈইচৰ এলেকাত অবৈধভাৱে বসবাস কৰি থকা বাৰজন বাংলাদেশীক আটক

ABOUT THE AUTHOR

...view details