অসম

assam

কৃষ্ণৰ সাজত 1,128 হিন্দু - মুছলমান শিশু : মধ্য প্ৰদেশত অভিলেখ

By

Published : Aug 23, 2019, 3:39 PM IST

মধ্য প্ৰদেশত 1,128 হিন্দু - মুছলমান শিশুয়ে এক নতুন বিশ্ব অভিলেখৰ সৃষ্টি কৰিছে ৷ কৃষ্ণৰ সাজত হিন্দু আৰু মুছলমান ধৰ্মৰ এই শিশুসকলে অভিলেখ গঢ়ে ৷

কৃষ্ণৰ সাঁজত 1,128 হিন্দু - মুছলমান শিশু : মধ্য প্ৰদেশত অভিলেখ

নেশ্বনেল ডেস্ক, 23 আগষ্ট : মধ্যপ্ৰদেশৰ জবুৱা জিলাৰ 1,128 জন শিশুয়ে এক নতুন বিশ্ব অভিলেখৰ অধিকাৰী হৈছে ৷ বিশ্ব অভিলেখ সৃষ্টি কৰাৰ লক্ষ্যৰে শিশুকেইজনক জিলাখনৰ ৰাজৱাড়া চৌকত কৃষ্ণৰ শৈশৱ কালৰ অৱতাৰত একত্ৰিত কৰা হৈছিল ৷ কৃষ্ণৰ সাজত এই শিশুসকল আছিল হিন্দু - মুছলমান দুয়ো ধৰ্মৰে ৷ প্ৰথমবাৰৰ বাবে কোনো জিলাত এনে অনুষ্ঠানৰ জৰিয়তে বহসংখ্যক শিশুয়ে অংশগ্ৰহণ কৰা দেখা পোৱা গ'ল ৷ এই অনুষ্ঠানতে গ'ল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড উপস্থিত হয় আৰু শিশুসকলে পূৰ্বৰ অভিলেখ ভংগ কৰা বুলি ঘোষণা কৰে ৷

কৃষ্ণৰ সাঁজত 1,128 হিন্দু - মুছলমান শিশু

ABOUT THE AUTHOR

...view details