অসম

assam

ETV Bharat / bharat

লকডাউন অমান্য কৰি কাশ্মীৰত গ্ৰেপ্তাৰ 110 জন - জম্মু-কাশ্মীৰ

লকডাউন অমান্য কৰি কাশ্মীৰত গ্ৰেপ্তাৰ 110 জন লোক ৷ তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু ৷

গোচৰ ৰুজু
লকডাউন অমান্য কৰি কাশ্মীৰত গ্ৰেপ্তাৰ 110 জন

By

Published : Apr 10, 2020, 11:58 PM IST

নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : শুকুৰবাৰে কাশ্মীৰত লকডাউন অমান্য কৰা বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 110 জন লোকক ৷ শ্ৰীনগৰ, বান্দিপোৰা আৰু কুপৱাৰা জিলাৰ বিভিন্ন স্থানৰ পৰা এই লোকসকলক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী বিভাগৰ এজন মুখপাত্ৰই ৷

শ্ৰীনগৰৰ শ্বহীদ গঞ্জ, নগাম, খানয়াৰ আৰু পাৰিমপোৰা অঞ্চলৰ পৰা 26 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ বাহনো জব্দ কৰা হয় ৷

আনহাতে, বান্দিপোৰাৰ পৰা 50 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ছয়খন বাহন জব্দ কৰা হয় ৷

উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ পৰা 10 জন আৰু হান্দৱাৰাৰ পৰা 5 জন লোকক গ্ৰেপ্তাৰ কৰা হয় ৷

মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, সংশ্লিষ্ট আৰক্ষী থানাকেইখনত আইন অমান্য কৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

ইয়াৰোপৰি, সকলো নাগৰিককে চৰকাৰে ঘোষণা কৰা লকডাউন মানি চলাবলৈ আহ্বান জনাই আৰক্ষী বিভাগৰ মুখপাত্ৰগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details