নেশ্যনেল ডেস্ক, 5 জানুৱাৰী :মিজোৰামত ক্ৰমে বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা ৷ 4 জানুৱাৰীৰ দিনা ৰাজ্যখনত নতুনকৈ পোহৰলৈ আহিছে 11 গৰাকী নতুন আক্ৰান্ত ৷
জোৰাম মেডিকেল কলেজৰ RT-PCR গৱেষণাগাৰত সংগ্ৰহ কৰা 390 টা নমুনাৰ পৰা 7 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰে 5 জন পুৰুষ আৰু 2 গৰাকী মহিলা ৷ আক্ৰান্ত লোকসকল 24-44 বয়সৰ ভিতৰৰ ৷ আক্ৰান্ত লোকসকল বিভিন্ন ৰাজ্যৰ পৰা আহি মিজোৰামত উপস্থিত হৈছিল ৷ সকলোৰে দেহত ক'ভিডৰ নাই কোনো লক্ষণ ৷
আনহাতে, TrueNAT গৱেষণাগাৰত সংগ্ৰহ কৰা 145 টা নমুনাৰ পৰা 2 জন লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ বিএছএফৰ 199 বেটেলিয়নৰ আক্ৰান্ত সদস্য দুজন পশ্চিম বংগৰ পৰা আহি মিজোৰামত উপস্থিত হৈছিল ৷ তেওঁলোকৰ দেহতো নাই ক'ভিডৰ কোনো লক্ষণ ৷