অসম

assam

ETV Bharat / bharat

ৰাজস্থানত উদ্ধাৰ পাকিস্তানী হিন্দু পৰিয়ালৰ এঘাৰজন লোকৰ মৃতদেহ - সাংসদ

যোধপুৰৰ সাংসদ আৰু কেন্দ্ৰীয় জল শক্তিমন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে গেহলট চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰৰ কৰ্মদক্ষতাক প্ৰশ্ন তুলে ৷ আনহাতে শ্ৰীমত লোক সংগঠনৰ অধ্যক্ষ হিন্দু সিং ছৌধাই এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰে ৷

11 members of Pakistani Hindu migrant family found dead in Jodhpur
ৰাজস্থানত উদ্ধাৰ পাকিস্তানৰ হিন্দু পৰিয়ালৰ এঘাৰজন লোকৰ মৃতদেহ

By

Published : Aug 10, 2020, 12:41 PM IST

ৰাজস্থান, 10 আগষ্ট : ৰাজস্থানৰ যোধপুৰত দেওবাৰে পুৱা পাকিস্তানৰ এটা হিন্দু পৰিয়ালৰ এঘাৰজন লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত লোকসকলৰ 4 গৰাকী মহিলা আৰু 5 টা শিশু ৷ পৰিয়ালটোৰ এজন লোকক যোধপুৰ চহৰৰ পৰা 100 কিল’মিটাৰ দূৰৈৰ দেছু ক্ষেত্ৰৰ লদতা গাঁৱৰ জুপুৰিৰ বাহিৰত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় ৷

যোধপুৰৰ কৃষি ভূমিৰ মাজত লোক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ যোধপুৰৰ আৰক্ষীয়ে এয়া হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ বৰ্তমান আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

আৰক্ষীয়ে মৃত লোককেইজনৰ ঘৰৰ পৰা আধা সেৱন কৰা কীটনাশক দৰৱৰ বটল উদ্ধাৰ কৰিছে ৷ মৃত লোককেইজন ভীল সম্প্ৰদায়ৰ আছিল বুলি জানিব পৰা গৈছে ৷ 2015 চনত পাকিস্তানৰ সিন্ধু জিলাৰ পৰা দীঘলীয়া ভ্ৰমণৰ ভিছাত ভাৰতলৈ আহিছিল ৷ বিগত ছয় মাহ পৰিয়ালটোৱে লদতা গাঁৱত আধিলৈ কৃষিভূমি লৈ খেতি কৰি বসবাস কৰি আহিছিল ৷ আৰক্ষীয়ে মৃতদেহকেইটাত কোনো ধৰণৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰে নাই ৷

আনহাতে জীৱিত অৱস্থাত উদ্ধাৰ হোৱা কেৱল ৰাম নামৰ লোকজনে এই ঘটনাক এক হত্যাকাণ্ড বুলি দাবী কৰে ৷ তেওঁ পত্নী পৰিয়ালে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ৷ তেওঁ পাৰিবাৰিক সংঘাটৰ বাবে পত্নী লগত নথকাৰ কথা উল্লেখ কৰি সন্তানৰ দায়িত্বক লৈ তেওঁৰ ওপৰত হেঁচা প্ৰয়োগৰ অভিযোগ কৰে ৷

যোধপুৰৰ সাংসদ আৰু কেন্দ্ৰীয় জল শক্তিমন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে গেহলট চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰৰ কৰ্মদক্ষতাক প্ৰশ্ন তুলে ৷ আনহাতে শ্ৰীমত লোক সংগঠনৰ অধ্যক্ষ হিন্দু সিং ছৌধাই এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰে ৷

লগতে পঢ়ক : আজি চাবমেৰিন কেবল ছিষ্টেম উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details