অসম

assam

ETV Bharat / bharat

বে-আইনীভাৱে আমেৰিকাত থকাৰ অভিযোগত গ্ৰেপ্তাৰ 11 গৰাকী ভাৰতীয় শিক্ষাৰ্থী - 11 Indian students arrested for trying to illegally remain in US

আইন শৃংখলা নিয়ন্ত্ৰণকাৰী সংস্থাই জালিয়াতিৰে আমেৰিকাত থকা অভিযোগত 11 জনকৈ ভাৰতীয় শিক্ষাৰ্থীৰ লগতে, দুজন লিবিয়ান, এজন ছেনেগাল আৰু এজন বাংলাদেশী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰে ৷

বে-আইনীভাৱে আমেৰিকাত থকাৰ অভিযোগত গ্ৰেপ্তাৰ 11 গৰাকী ভাৰতীয় শিক্ষাৰ্থী
বে-আইনীভাৱে আমেৰিকাত থকাৰ অভিযোগত গ্ৰেপ্তাৰ 11 গৰাকী ভাৰতীয় শিক্ষাৰ্থী

By

Published : Oct 23, 2020, 7:40 AM IST

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: আইন শৃংখলা নিয়ন্ত্ৰণকাৰী সংস্থাই জালিয়াতিৰে এখন দেশৰ আভ্যন্তৰত থকাৰ অভিযোগত ভাৰতৰ 11 গৰাকী শিক্ষাৰ্থীসহিতে মুঠ 15 গৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰে ৷

আটাইকেইজন শিক্ষাৰ্থীক বুধবাৰে আমেৰিকাৰ ব'ষ্টন, ৱাশ্বিংটন, হিউষ্টন, লাউডাৰডেল, নেৱাৰ্ক, নেছভিল্লে, পিটছবাৰ্গ আৰু হেৰিছবাৰ্গৰ ভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ 11 জনকৈ ভাৰতীয় শিক্ষাৰ্থীৰ লগতে আমেৰিকা প্ৰব্ৰজন আৰু শুল্ক বিভাগে দুজন লিবিয়ান, এজন ছেনেগাল আৰু এজন বাংলাদেশী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰে ৷

আমেৰিকা প্ৰব্ৰজন আৰু শুল্ক বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, এই গ্ৰেপ্তাৰ অভিযান OPTical Illusion ৰ সহায়ত কৰা হয় ৷ ই এক আইনী অভিযান যিয়ে বে-আইনী শিক্ষাৰ্থী সকলক লক্ষ্য কৰে ৷ যিসকলে আমেৰিকাত থাকিবৰ বাবে Optional Practical Training ৰ ব্যৱহাৰ কৰে ৷ OPT য়ে নন-ইমিগ্ৰেণ্ট শিক্ষাৰ্থীসকলক এবছৰৰ লগতে অতিৰিক্তভাৱে 24 মাহ আমেৰিকাত থাকি তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰ সম্পৰ্কত কাম কৰিবলৈ অনুমতি প্ৰদান কৰে ৷ ইয়াৰোপৰি আমেৰিকা প্ৰব্ৰজন আৰু শুল্ক বিভাগে কয় যে, এই শিক্ষাৰ্থীসকলে এনেকুৱা কিছুমান কোম্পানীত নিয়োজিত হৈ থকা বুলি কয়, যিবোৰ দেশখনত উপলব্ধ নহয় ৷

লগতে পঢ়ক:''বন্দে ভাৰত মিছন''ৰ জৰিয়তে দেশলৈ 19.40 লাখ লোকৰ প্ৰত্যাগমন

ABOUT THE AUTHOR

...view details