অসম

assam

ETV Bharat / bharat

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - 11 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Nov 3, 2020, 10:46 AM IST

পূৰ্বৰ সংঘাত পাহৰি অসম সমবায় মৰাপাট কল ৰক্ষাৰ পদক্ষেপ কৰ্তৃপক্ষৰ

পূৰ্বৰ সকলো সংঘাত পাহৰি অসম সমবায় মৰাপাট কলটোক জীয়াই ৰখাৰ স্বাৰ্থত, পুনৰ আগুৱাই আহিবলৈ সাজু কল কৰ্তৃপক্ষৰ লগতে শ্ৰমিক সকল ৷

মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত অনুষ্ঠিত উপ-নিৰ্বাচন

বিহাৰৰ লগতে আজি মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ মধ্যপ্ৰদেশত সৰ্বাধিক 28টা বিধানসভা সমষ্টিত আৰু কৰ্ণাটকত দুখন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছে ৷

ভিয়েনাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ, 2জন নিহত 15জন আহত

অষ্ট্ৰিয়াৰ ভিয়েনা চহৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত দুগৰাকী লোক নিহত হয় ৷ ইপিনে এই আক্ৰমণত 15 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি চহৰখনৰ শীৰ্ষ আৰক্ষী বিষয়াই সংবাদমাধ্যমক জনাইছে ৷

নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিং

চাৰে চাৰি বছৰে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা বিজেপিৰ মন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে পুনৰ বোৱাইছে প্ৰতিশ্ৰুতিৰ বন্যা । নগাঁৱত মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ ।

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

আজি অনুষ্ঠিত হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজিৰে পৰা আৰম্ভ হৈছে ৷ মুঠ 94খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷

জিলা প্ৰশাসনৰ অনুমতি অবিহনে কৰিমগঞ্জত কৰিব নোৱাৰিব প্ৰতিবাদ

আইন শৃংখলা আৰু ক'ভিড প্ৰট'কল ভংগ কৰি কোনো ধৰণৰ সভা আৰু সমদলৰ আয়োজন কৰিব নোৱাৰিব কৰিমগঞ্জ জিলাত ৷ নিলামবাজাৰ আৰক্ষী বিষয়া আৰ পি ৰংমাইৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে ৷

নগাঁৱৰ শেনচুৱাত চোৰৰ সন্ত্ৰাস,বাসগৃহত অগ্নিসংযোগ কৰাৰ সন্দেহ

শেনচুৱাৰ দুটাকৈ পৰিয়ালৰ বাসগৃহত চোৰ ৷ চোকা অস্ত্ৰলৈ মুখত কাপোৰ লগাই চোৰে প্ৰৱেশ কৰাৰ পিছতেই সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ চোৰে বাসগৃহটোত অগ্নিসংযোগ কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷

মন্ত্ৰী হিমন্তক চেলেঞ্জ বিধায়ক শ্বেৰমান আলীৰ

নিৰ্বাচনৰ পূৰ্বেই শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰি দেখুৱাবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে বিধায়ক গৰাকীয়ে ৷ শেহতীয়াকৈ মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী উত্থাপন কৰা বিধায়ক গৰাকীক নিৰ্বাচনৰ পাচতেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্ত্ৰী হিমন্তই প্ৰদান কৰা হুংকাৰক উভতি ধৰে বিধায়ক গৰাকীয়ে ৷

অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি জনাই গৃহমন্ত্ৰীলৈ সোণোৱালৰ চিঠি

শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ ল’বলৈ আজি কাছাৰ জিলাৰ উপায়ুক্তৰ সৈতেও এক ভিডিঅ' কনফাৰেঞ্চত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । একে সময়তে তেওঁ সোমবাৰে মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকো অশান্তজৰ্জৰ সীমান্ত অঞ্চললৈ যাবলৈ নিৰ্দেশ দিয়ে ‌।

অৰুণােদয় আঁচনিৰ তদন্ত বিচাৰি বিধায়কক স্মাৰকপত্ৰ প্ৰদান ভুক্তভোগী মহিলাৰ

বোকাজানৰ বিধায়কক স্মাৰকপত্ৰ প্ৰদান মহিলাৰ ৷ অৰুণোদয় আঁচনিৰ তদন্ত বিচাৰি ভুক্তভোগী মহিলাই প্ৰদান কৰে স্মাৰকপত্ৰ ৷ বিধায়ক গৰাকীয়ে উচিত তদন্তৰ আশ্বাস ভুক্তভোগীক ৷

ABOUT THE AUTHOR

...view details