আৰ্মি কামাণ্ডাৰ কনফাৰেন্স সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
নতুন দিল্লীস্থিত সেনা মুখ্যালয়ত 26 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া স্থলসেনাৰ কামাণ্ডাৰ বৈঠকত আজি অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বছৰত দুবাৰকৈ অনুষ্ঠিত হোৱা এই বৈঠকত সেনাৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহ সন্দৰ্ভত আলোচনা কৰা হয় ৷
মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা
ভাৰত আৰু আমেৰিকাই শেষৰখন গাঁথনিগত চুক্তি, জিঅ'-স্পাটিয়েল কৰ্পৰেশ্বনৰ বুনিয়াদী বিনিময় আৰু সহযোগী চুক্তিত স্বাক্ষৰ কৰিব ৷ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনাত এই চুক্তিত স্বাক্ষৰ কৰিব দুয়োখন দেশে ৷ আলোচনাত অংশগ্ৰহণ কৰিব আমেৰিকাৰ গৃহ সচিব মাইক পম্পিঅ', প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰ আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷
মিঞা সংগ্ৰহালয় সন্দৰ্ভত হিমন্ত বিশ্বৰ শৰ্মাৰ প্ৰতিক্ৰিয়া
কোনো কাৰণতে কলাক্ষেত্ৰত স্থাপন কৰা নহয় মিঞা সংগ্ৰহালয় । ফাইলতে আবদ্ধ থাকিব সংসদীয় সমিতিৰ প্ৰতিবেদন । কাগজতে সীমাবদ্ধ থাকিব মিঞা সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ । কামৰূপৰ চাংসাৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনচাতে নাকচ কৰিলে শংকৰদেৱ কলাক্ষেত্ৰত চৰ চাপৰিৰ সংগ্ৰহালয় নিৰ্মাণৰ কথা ।
ডিব্ৰুগড়ত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ
বিজয়া দশমীৰ দিনাও জিলাখনৰ আৱকাৰী বিভাগে চাবুৱাৰ আমগুৰি এলেকাত আৰক্ষীৰ সহযোগত অভিযান চলাই ১১০ কিলোগ্ৰাম লালিগুড় জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে ইয়াৰ বিৰুদ্ধে চাবুৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৱকাৰী বিভাগে । এই কথা সদৰি কৰিলে চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে ৷
মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া
বিহাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে মোডী চৰকাৰক কটুক্তি কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীৰ ৷ ছোনিয়াই অভিযোগ কৰে যে গণতন্ত্ৰৰ সকলো স্তম্ভকে আক্ৰমণ কৰা হৈছে ৷ ভাৰতৰ অৰ্থনীতি যথেষ্ট সংকটত বুলিও তেওঁ অভিযোগ কৰে ৷