অসম

assam

ETV Bharat / bharat

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Sep 18, 2020, 10:58 AM IST

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 52 লক্ষাধিক

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ 96,424 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷

বৰঝাৰ বিমানবন্দৰত সজীৱ গুলীসহ আটক অৰুণাচলৰ লোক

বৃহস্পতিবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফ বাহিনীৰ তালাচীত গুলীসহ অৰুণাচলৰ এজন লোকক আটক কৰা হয় ৷

হাইলাকান্দি চহৰৰ মাজমজিয়াত চুৰিকাণ্ড

বৃহস্পতিবাৰে হাইলাকান্দিৰ মাজমজিয়াত থকা এগৰাকী লোকৰ ঘৰত চোৰে চলালে লুট ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লোক গৰাকীৰ ঘৰৰ পৰা চোৰে লুটি নিলে প্ৰায় 2 লাখ টকাৰ সামগ্ৰীৰ লগতে 40 হাজাৰ নগদ ধন ৷

গোৰ্খালেণ্ডৰ দাবীৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ !

‘গোৰ্খালেণ্ড’ গঠনৰ দাবীৰে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ ৷ গোৰ্খাসকলক সন্মান প্ৰদান আৰু স্থায়ী ৰাজনৈতিক সমাধান দিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মুখ্যমন্ত্ৰী চাংমাই ৷

ৰূপহীহাটৰ জুৰীয়াত বজ্ৰপাত পৰি এজন যুৱকৰ মৃত্যু

ব্ৰজপাত পৰি ৰূপহীহাটৰ জুৰীয়া শিঙাৰীত বৃহস্পতিবাৰে মৃত্যুৰ মুখত পৰে এজন যুৱক ৷ আনাৰুল ইছলাম নামৰ যুৱকজনৰ মৃত্যুত অঞ্চলটোত পৰিছে শোঁকৰ ছাঁ ৷

ভদীয়া বানৰ কৱলত বিলাসীপাৰাৰ বহু গুৰুত্বপূৰ্ণ বিভাগ

বানৰ কৱলত পৰিছে বিলাসীপাৰাৰ বগৰীবাৰী ক’ভিড চিকিৎসালয়ৰ লগতে আটানী আৰক্ষী চকী আৰু খোৰাঘাট আঞ্চলিক বন কাৰ্যালয় ৷ উল্লেখনীয় যে, ক’ভিড চিকিৎসালয় খনত সম্প্ৰতি 32 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ৷

হোজাইত হাতীৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু

হোজাইত বৃহস্পতিবাৰে নিশা ধাননি খেতি সুৰক্ষাৰ বাবে পহৰা দিবলৈ যোৱা এগৰাকী লোকৰ মৃত্য়ু ৷ হাতীৰ আক্ৰমণত মৃত্যুক সাৱটি লয় লোকগৰাকীয়ে ৷

অৱশেষত আৰক্ষীৰ জালত নগাঁৱৰ ধৰ্ষণ কাণ্ডৰ অভিযুক্ত

বৃহস্পতিবাৰে নগাঁৱৰ ধৰ্ষণ কাণ্ডৰ অভিযুক্ত খাইৰুল ইছলামক উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় ৰাইজে ৷ এমাহ পূৰ্বে খাইৰুল দুটাকৈ ধৰ্ষণ কাণ্ডত জড়িত আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

শাম কটাৰ দিশে ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত

অতি শীঘ্ৰেই শাম কটাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত ৷ স্থানীয় বিধায়ক আৰু আৰণ্যক নামৰ অসমৰ এটা শীৰ্ষস্থানীয় বেচৰকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত সেই অঞ্চলত আৰম্ভ হৈছে GPS ট্ৰেক যুক্ত ফেন্সিং নিৰ্মাণৰ কাম ৷

BMCয়ে মোৰ সপোন, আত্মবিশ্বাস, আত্মসন্মান আৰু ভৱিষ্যতক বলৎকাৰ কৰিছে: কংগনা

কংগনা ৰাণাৱটৰ মুম্বাইস্থিত বাসগৃহ আৰু কাৰ্যালয় ভঙা সন্দৰ্ভত টুইটাৰযোগে ফটো শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰিছে কংগনাই ৷ BMCৰ এই কাৰ্যক ‘বলৎকাৰ’ আখ্য়া দিছে অভিনেত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details