অসম

assam

ETV Bharat / bharat

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Sep 17, 2020, 10:59 AM IST

ঢাকাত কিয় সাক্ষাৎ কৰিছিল ডেভিড অষ্টিনক: তিনি দশক পুৰণি ৰহস্যৰ মেৰপাক খুলিলে অনুপ চেতিয়াই

২ অক্টোবৰত এই সাক্ষাৎকাৰৰ মাত্ৰ দুদিনৰ পিছতেই অষ্টিনে বৃটিছ চৰকাৰলৈ পত্ৰ লিখি অসমত চলি থকা আলফাৰ সংগ্ৰামৰ ন্যৰ্যতা আৰু যুক্তিযুক্ততাৰ ব্যাখ্যা কিয় দিছিল ? অসমত আলফাৰ সংগ্ৰামৰ সপক্ষে কিয় যুক্তি দিছিল ডেভিড অষ্টিনে ? চাওক এই বিশেষ সাক্ষাৎকাৰ-

জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে বাইহাটাৰ এখন পশু চিকিৎসালয়

বাইহাটাৰ নিকটৱৰ্তী শিঙাৰপৰাৰ একমাত্ৰ পশু চিকিৎসালয় খনৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ৷ কদৰ্যময় অৱস্থাতে চিকিৎসালয় খনত অব্য়াহত আছে পশুৰ চিকিৎসা ৷

চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড

নগাঁৱৰ চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ২৫ মেগা ভ'ল্ট এম্পিৰাত হোৱা এই অগ্নিকাণ্ডই বিদ্যুত যোগানৰ ক্ষেত্ৰত সমগ্ৰ নগাঁও জিলাখনকে প্ৰভাৱান্বিত কৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে শক্তি বিভাগে ৷

মহালয়া উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাতঃ ভ্ৰমণ

আজি শুভ মহালয়া ৷ কিন্তু এইবাৰৰ দৃশ্য যেন কিছু সুকীয়া ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত পূৰ্বৰ দৰে দেখা পোৱা নগল বৃহৎ প্ৰাতঃ ভ্ৰমণ ৷

কিয়াৰা আদৱানীৰ ‘হছীনা পাগল দীৱানী’য়ে দীৱানী কৰিছে অনুৰাগীক

অভিনেত্ৰী কিয়াৰা আদৱানীৰ মুক্তি লাভ কৰিবলগীয়া ছবি ‘ইন্দু কী জৱানী’ৰ প্ৰথমটো গীত ‘হছীনা পাগল দীৱানী’ মুকলি ৷ বুধবাৰে চ’ছিয়েল মিডিয়াযোগে গীতটি শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে ৷

কৃষিখণ্ডৰ উন্নয়নৰ স্বাৰ্থত 39,300 কোটিৰ আঁচনি গ্ৰহণ য়েডিউৰাপ্পা চৰকাৰৰ

কৃষি খণ্ডত বিকাশ সাধন কৰাৰ অৰ্থে চলিত বিত্তীয় বৰ্ষত প্ৰায় 39,300 কোটি টকাৰ পাম্প নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে ৷ বুধবাৰে এই বিষয়ে ঘোষণা কৰে মুখ্যমন্ত্ৰী বি.এছ য়েডিউৰাপ্পাই ৷

দিছপুৰতে পৰি আছে ৬ নং দফা কমিটিৰ প্ৰতিবেদন

কেৱল এটা বাক্যত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে উত্তৰ দিলে যে, প্ৰতিবেদন অসম চৰকাৰে পয্যবেক্ষন কৰি আছে । অৰ্থাৎ প্ৰতিবেদন এতিয়াও দিছপুৰতে পৰি আছে । দিল্লী পোৱাগৈয়ে নাই ।

অহা 9 নৱেম্বৰত মুক্তি লাভ কৰিব ম’ষ্ট ওৱাণ্টেড ছবি ‘লক্ষ্মী বোম্ব’

অক্ষয় কুমাৰ অভিনীত ‘লক্ষ্মী বোম্ব’ ম’ষ্ট ওৱাণ্টেড নামৰ ছবিখন অহা 9 নৱেম্বৰত মুক্তি লাভ কৰাৰ কথা ঘোষণা অক্ষয় কুমাৰৰ ৷ ছবিখন ডিজনী প্লাছ হটষ্টাৰত মুক্তি লাভ কৰিব বুলি অভিনেতা গৰাকীয়ে চ’ছিয়েল মিডিয়াযোগে সদৰি কৰে ৷

দোলাত উঠি ধৰাৰ বুকুলৈ আগমন ঘটিল দুৰ্গতিনাশিনীৰ

আজি শুভ মহালয়া ৷ আৰম্ভ হ'ল দুৰ্গোৎসৱৰ লগ্ন ৷ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিল মৰ্তৰ আকাশ-বতাহ ৷

শ্ৰীনগৰ এনকাউণ্টাৰ: এগৰাকী মহিলা নিহত, আহত 3 নিৰাপত্তাৰক্ষী

শ্ৰীনগৰৰ বাটামালো এলেকাত পুৱতি নিশা প্ৰায় 2.30 বজাত সুৰক্ষা বাহিনী আৰু পাক সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউণ্টাৰত এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী নিৰাপত্তাৰক্ষী বিষয়া আৰু দুগৰাকী চিআৰপিএফ জোৱান ৷ আহত জোৱান কেইগৰাকীক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

ABOUT THE AUTHOR

...view details