নিউজ ডেস্ক, ২৬ জুলাইঃ দেওবাৰে ভাৰতলৈ ঘূৰি আহিব ১১ গৰাকী আফগানৰ শিখ ধৰ্মাৱলম্বী লোক । ভাৰতলৈ ঘূৰি অহা এই ব্যক্তিকেইগৰাকীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ সম্ভৱনা আছে বুলি প্ৰকাশ কৰে বিশেষ সূত্ৰই । সূত্ৰৰ খবৰ অনুসৰি, কাবুলৰ চোৰ বজাৰত মাৰ্চ ২০২০ চনত গুৰুদ্বাৰা গুৰু হৰ ৰায় সন্ত্ৰাসবাদী আক্ৰমণত ২৫ গৰাকীৰো অধিক আফগান শিখ আৰু এজন ভাৰতীয় শিখ নিহত হয় । তাৰোপৰি কেইবাজনো ব্যক্তিক সশস্ত্ৰ তালিবানে অপহৰণ কৰে আৰু অপহৰণ কৰা ব্যক্তিসকলক গুৰুদ্বাৰত থাকিবলৈ বাধ্য কৰে ।
১১ গৰাকী আফগানী শিখ লোকক ভাৰতৰ নাগৰিকত্ব দিয়াৰ সম্ভাৱনা ভাৰত চৰকাৰৰ - শিখ ধৰ্মালম্বী লোক
দেওবাৰে ভাৰতত উপস্থিত হ'ব ১১ গৰাকী আফগানী শিখ লোক । দিল্লীত উপস্থিত হোৱা আটাইকেইগৰাকী ব্যক্তিক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ সম্ভাৱনা থকা বুলি সদৰি কৰে বিশেষ সূত্ৰই ।
ঘটনা সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত অপহৃত হৈ থকা নিধন সচদেবৰ ভাতৃ চৰণ সিং সচদেবে কয় যে, হিন্দী শিখ সমুদায়ৰ ১১ গৰাকী সদস্য দেওবাৰে ভাৰতত উপস্থিত হ'ব । আৰু এই সমুদায়টোৰ সৈতে মোৰ ভাতৃ নিধন উপস্থিত হ'ব । আনহাতে, এই কাবুল আক্ৰমণতে এগৰাকী ১৪ বছৰীয়া শিশুৱে পিতৃক হেৰুৱাৰ লগতে শিশু গৰাকীকো তালিবানে সংগঠনে অপহৰণ কৰে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে, ভাৰতত দেওবাৰে উপস্থিত হোৱা এই ১১ গৰাকীৰ সদস্যৰ দলটো ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন কৰি ৰখা হ'ব ।