অসম

assam

ETV Bharat / bharat

সংকটত পৰিব নেকি মমতা চৰকাৰৰ অস্তিত্ব!

বিজেপি নেতাৰ মন্তব্যই গৰম কৰিছে পশ্চিমবংগৰ ৰাজনৈতিক পৰিবেশ!

By

Published : Jul 14, 2019, 7:31 PM IST

সংকটত পৰিব নেকি মমতা চৰকাৰৰ অস্তিত্ব!

পশ্চিমবংগ,১৪ জুলাইঃ লোকসভা নিৰ্বাচনৰ পিচতে যেন সকলো দলতে পৰিলক্ষিত হৈছে দল বাগৰাৰ ৰাজনীতি । সকলো যেন আকৰ্ষিত হৈছে বিজেপি দলৰ প্ৰতি । 2019 বৰ্ষত বিজেপি দলৰ বৃহৎ জয়েই হ'ব পাৰে নেকি ইয়াৰ কাৰণ ।

কৰ্ণাটকৰ জেডিএছ-আৰু কংগ্ৰেছ আৰু গোৱাৰ কংগ্ৰেছৰ ১০ গৰাকী বিধায়কে বিজেপিত যোগদান কৰি ৰাজনৈতিক পৰিবেশ অধিক চৰ্চিত কৰাৰ পিচতে পশ্চিমবংগৰ বিজেপি নেতা মুকুল ৰায়ে শনিবাৰে সংবাদমেলযোগে এক মন্তব্য কৰি ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰে । পশ্চিমবংগৰ চিপিএম, কংগ্ৰেছ আৰু তৃণমূলৰ প্ৰায় ১০৭ গৰাকী কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি সংবাদমেলযোগে মন্তব্য আগবঢ়াইছিল বিজেপিৰ নেতাগৰাকীয়ে । নেতাগৰাকীৰ এই মন্তব্যৰ পিচতে একপ্ৰকাৰ হাহাকাৰ লাগিছে কংগ্ৰেছৰ ৰাজনীতিত । যদি মুকুল ৰায়ে কৰা এই মন্তব্য সঁচা হয় তেন্তে সংকটত পৰিব নেকি মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰ খনৰ অস্তিত্ব!

For All Latest Updates

ABOUT THE AUTHOR

...view details