নিউজ ডেস্ক, 5 মে' : কলাম্বীয়া বিশ্ববিদ্যালয়য়ে সোমবাৰে বিশ্বৰ 15 গৰাকী সাংবাদিকৰ লগতে 7 খন গ্ৰন্থক পুলিৎজাৰ সন্মানৰে সন্মানিত কৰে ৷
চাঁও আহক কোনে-কোনে লাভ কৰিলে 2020 চনৰ পুলিৎজাৰ বঁটা-
ব্ৰেকিং নিউজৰ শিতান : কোৰিয়াৰ জাৰ্নেলৰ লুইছভিল কেয় ৷ কেনটাকিৰ ৰাজ্যপাল গৰাকীয়ে শেষ সময়ছোৱাত কিদৰে বৰ্ণগত বৈষম্য, আইনী প্ৰক্ৰিয়া উলংঘা কৰিছিল সেই সকলোবোৰ শুদ্ধভাবে পৰিবেশন কৰাৰ বাবে সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷
অনুসন্ধানমূলক বাতৰিৰ শিতান : "দ্য নিউয়ৰ্ক টাইমছ"ৰ ব্ৰায়ান এম ৰোজেনথাল ৷ নিউয়ৰ্ক চহৰৰ টেক্সী চালক সকলৰ জীৱন সংগ্ৰামৰ এটা অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত চলিত বৰ্ষত সাংবাদিক গৰাকীয়ে এই বঁটাৰে সন্মানিত হয় ৷
বাখ্যামুলক বাতৰিৰ শিতান : "দ্য ৱাছিংটন পোষ্ট"ৰ বাতৰি কাকত খনৰ এগৰাকী সাংবাদিকে বাখ্যামুলক শিতানত এই সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ সাংবাদিকগৰাকীয়ে গাম্যঞ্চলৰ বাতৰি পৰিৱেশন কৰাৰ বাবে এই বঁটা লাভ কৰে ৷ এই বাতৰিত বিজ্ঞানৰ প্ৰভাৱত গাম্যঞ্চলত অত্যাধিক তাপমাত্ৰ বৃদ্ধি হৈ থকাৰ ফলত পৰা বিৰূপ প্ৰভাৱৰ বাবে সৃষ্টি হোৱা অশনি সংকেতৰ বাতৰি বিস্তৃতভাবে পৰিবেশন কৰাৰ বাবে তেঁওক এই সন্মানৰে সন্মানিত কৰা হৈছে ৷
স্থানীয় বাতৰিৰ শিতানত : "বাল্টীমোৰ চন" কাকতখনৰ এগৰাকী সাংবাদিকে চহৰৰ মেয়ৰ আৰু চিকিৎসালয়ৰ মাজত থকা বিত্তীয় সংযোগ আদিৰ এটা প্ৰভাৱশালী বাতৰিৰ বাবে এই সন্মানৰে সন্মানিত কৰা হৈছে ৷
নেশ্ব'নেল বাতৰিৰ শিতান : "দ্য ক্ৰিছিয়েন মিলৰ" ৰ মেগন ৰোজ আৰু "পোপবিল্লিকা" কাকতখনৰ ৰাবত ফেটেচীয়ে এই সন্মান বুটলিবলৈ সক্ষম হৈছে ৷ আমেৰিকাৰ এটা ভয়ংকৰ নাঁও দুৰ্ঘটনাৰ বাতৰিৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, এই শিতানত "দমিনিক গ্ৰেটছ" ৰ ষ্টীৱ মিলিটিছ আৰু মাইক বেকেৰ আৰু " দ্য চিয়েটেল টাইমছৰ " লুইছ ক্লাম্বক এই সন্মান প্ৰদান কৰা হয় ৷ এটা দুৰ্ঘটনাত মৃত্যু হোৱা দুজন লোকৰ নিৰীক্ষণত চৰকাৰৰ বিফলতাৰ বাতৰি পৰিবেশন কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷
আন্ত:ৰাষ্ট্ৰীয় বাতৰিৰ শিতান : "দ্য নিউয়ৰ্ক টাইমছ" ৰ এগৰাকী সাংবাদিকে ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰতি ভ্ৰালদিমিৰ পুতিনৰ শাসনকালৰ ভৱিষ্যতবাণী কৰি বহু কেইটা কাহিনী সংযোজন কৰি যুগুতোৱা বাতৰিৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷
ফিচাৰ বাতৰিৰ শিতান : "দ্য নিউয়ৰ্ক টাইমছ" ৰ বেন তৌব নামৰ এগৰাকী সাংবাদিকক প্ৰদান কৰা হয় এই সন্মান ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গুয়ান্তানামৰ এটা অঞ্চলত বে-আইনী ভাবে এটা দশকৰ পৰা চলি থকা সন্ত্ৰাস, ধৰ্ষন অপহৰণ চলাই থকা এটা সন্ত্ৰাসবাদী সংগঠনৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷
ভাষ্যমূলক বাতৰিৰ শিতান : "দ্য নিউয়ৰ্ক টাইমছ" ৰ হান্না জোনস নামৰ সাংবাদিক গৰাকীয়ে আমেৰিকাত আফ্ৰিকান সকলে কটোৱা দাসত্ব জীৱনৰ ভয়ংকৰ বিৱৰণ গল্প আকাৰত প্ৰকাশ কৰাৰ বাবে তেওঁক এই সন্মানৰে সন্মানিত কৰা হয় ৷