50 ছেকেণ্ডত 101টা ওলোটা পুছ-আপছঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত - অভিলেখ
অন্ধ্ৰ প্ৰদেশৰ নন্দীগামা চহৰৰ নুৰুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে সোমবাৰে এক অনন্য অভিলেখৰ অধিকাৰী হয় ৷ 50 ছেকেণ্ডত 101টা ওলোটা পুছ আপছ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হয় ব্যক্তিগৰাকীয়ে ৷
নিউজ ডেস্ক, 12 আগষ্টঃ 50 ছেকেণ্ডৰ ভিতৰত 101টা ওলোটা পুছ-আপছ (Decline Pushups) কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে ৷ সোমবাৰে অন্ধ্ৰ প্ৰদেশৰ নন্দিগামা চহৰৰ বাসিন্দা নুৰুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে বিশেষ অভিলেখৰ অধিকাৰী হ'বলৈ সক্ষম হয় ৷ সাধাৰণ পুছ-আপছতকৈ ওলোটা পুছ-আপছ বহুগুনে কঠিন কিয়নো, এইদৰে কৰিবলৈ হ'লে হাতৰ তুলনাত নিজৰ দুভৰি অধিক উচ্চতাত ৰাখিব লাগে ৷ ব্যক্তিগৰাকীৰ এই অভিলেখৰ পিচতে পৰিয়ালৰ লোকৰ লগতে অন্যান্য লোকসকলে শুভেচ্ছা জ্ঞাপন কৰে ৷