অসম

assam

ETV Bharat / bharat

500 কিঃমিঃ খোজকাঢ়ি গৃহাভিমুখী সহস্ৰাধিক শ্ৰমিকক উত্তৰ প্ৰদেশ আৰক্ষীৰ বাধা - -border-up-cm

এক বৃহত সংখ্যক পলায়ন কৰা ৰাজস্থানস্থিত গৃহাভিমুখী লোক মঙলবাৰে খোজকাঢি উত্তৰ প্ৰদেশৰ ধলপুৰ সীমান্তত আহি উপস্থিত হয় ৷ যাৰ পাছতেই আৰক্ষীয়ে এই সকল লোকক সীয়ান সীমান্তৰ ওচৰত ৰখায় ৷

10000-panicked-labourer-reaches-saiyan-border-up-cm-asks-to-wait-till-order
লক ডাউনঃ 500 কিঃমিঃ খোজকাঢ়ি গৃহভিমুখী সহস্ৰাধিক শ্ৰমিকক উত্তৰ প্ৰদেশ আৰক্ষীৰ বাধা ৷

By

Published : Mar 31, 2020, 2:38 PM IST

নিউজ ডেস্ক, 31 মাৰ্চ: মাৰাত্মক কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ শৃংখলাক ৰোধ কৰাৰ নিমিত্তে দেশজুৰি ঘোষণা কৰা 21 দিনীয়া লক ডাউনৰ ফলত সমগ্ৰ দেশতে স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা,বন্ধ হৈ পৰিছে কল-কাৰখানা অথবা বেচৰকাৰী প্ৰতিষ্ঠানৰ কাম-কাজ ৷ এই লক ডাউনৰ ফলত কৰ্মৰ তাগিদাত বহিঃৰাজ্যত থকা শ্ৰমিক শ্ৰেণীৰ লোক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ৷ সৰ্বত্ৰে বন্ধ হৈ পৰাৰ লগে লগে এই সকল আৰ্থিক ভাৱে দুৰ্ৱল লোক থকা-খোৱাৰ ক্ষেত্ৰত পৰিছে গভীৰ সংকটত ৷ আতংকিত হৈ থকা এই সকল দিন হাজিৰা কৰা লোকে বাছ,ট্ৰেইন আদি বন্ধ হৈ পৰাত এতিয়া 500 কিলোমিটাৰলৈকে দীঘলীয়া যাত্ৰা ভোকে-পিঁয়াহে খোজ কাঢ়ি অতিক্ৰম কৰিবলৈকো বাধ্য হৈ পৰিছে ৷

তেনে এক বৃহত সংখ্যক পলায়ন কৰা ৰাজস্থানস্থিত গৃহাভিমুখী লোক মঙলবাৰে খোজকাঢি উত্তৰ প্ৰদেশৰ ধলপুৰ সীমান্তত আহি উপস্থিত হয় ৷ যাৰ পাছতেই আৰক্ষীয়ে এই সকল লোকক সীয়ান সীমান্তৰ ওচৰত ৰখায় ৷

জিলা উপায়ুক্ত ৰাকেশ কুমাৰ জয়ছোৱালে এই সন্ধৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে," আমাৰ স্থানীয় পেট্ৰলিং দলে উত্তৰ প্ৰদেশ আৰু ৰাজস্থান সীমান্তৱৰ্তী অঞ্চলত সীমা পাৰ হৈ ৰাজস্থান অভিমুখী এক বৃহৎ সংখ্যক লোকৰ অৱস্থিতিৰ খবৰ দিয়ে৷ যাৰ পাছতেই তৎকালীন ভাৱে মই উক্ত স্থানত উপস্থিত হও আৰু প্ৰবাসী এই সকলৰ শ্ৰমিকৰ সৈতে কথা পাতো ৷ "

তদুপৰি উক্ত স্থানত আহি উপস্থিত থকা এই সকল লোকৰ আকাশমাৰ্গৰ পৰা ভিডিঅ' ফুটেজ সংগ্ৰহ কৰাই গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰি তৎকালীন ভাৱে উত্তৰ বিচৰা হৈছে বুলিও জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷

আনহাতে এই সন্দৰ্ভত সবিশেষ বুজলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে প্ৰশাসনিক বিষয়া সকলক গৃহ মন্ত্ৰালয়ৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে এই লোক সকলক উক্ত স্থানৰ কাষতে আৱদ্ধ কৰি ৰাখিবলৈ নিৰ্দে্শ দিয়ে ৷

তাৰে মাজতে আৰক্ষী অধীক্ষক মৃদুল কচ্ছাৱাই ই টিভি ভাৰতক জনোৱা মতে,উক্ত অঞ্চলত কোনো ধৰণৰ অপ্ৰিয় ঘটনা সংঘটিত নহ'বলৈ আঢ়ৈশতকৈও অধিক আৰক্ষীৰ লোক নিয়োজিত কৰা হৈছে ৷

লগতে পঢ়কঃ দেশজুৰি ল'ক ডাউনৰ বাবে জম্মু-কাশ্মীৰত সমন্বয় সমিতি গঠন

ABOUT THE AUTHOR

...view details