অসম

assam

ETV Bharat / bharat

নিৰুদ্দিষ্ট ১০০ গৰাকী শিশুক উদ্ধাৰ দিল্লী আৰক্ষীৰ - বিহাৰ, উত্তৰ প্ৰদেশ, ছট্টিশগড়

দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰিলে চলিত বৰ্ষত নিৰুদ্দিষ্ট হোৱা ১০০ টা শিশু । বিহাৰ, উত্তৰ প্ৰদেশ, ছত্তিশগড় আৰু পশ্চিমবংগৰ পৰা উদ্ধাৰ কৰে এই শিশুকেইটিক ৷

নিৰুদ্দেশ হৈ থকা ১০০টা শিশু উদ্ধাৰ কৰিলে দিল্লী আৰক্ষীয়ে
নিৰুদ্দেশ হৈ থকা ১০০টা শিশু উদ্ধাৰ কৰিলে দিল্লী আৰক্ষীয়ে

By

Published : Dec 21, 2020, 4:30 PM IST

নেশ্যনেল ডেস্ক, ২১ ডিচেম্বৰ: চলিত বৰ্ষত সন্ধানহীন হোৱা প্ৰায় ১০০টা শিশুক উদ্ধাৰ কৰিলে দিল্লী আৰক্ষীয়ে । দেওবাৰে দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে, এই শিশুসকলৰ অপহৰণ তথা নিৰুদ্দেশ হোৱাৰ গোচৰ ৰুজু কৰিছিল পৰিয়ালৰ লোকে । দক্ষিণ জিলাৰ আৰক্ষীৰ মানৱ সৰবৰাহ প্ৰতিৰোধ ইউনিটে নিৰুদ্দিষ্ট শিশুকেইটাক উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা শিশুকেইটাৰ ভিতৰত ৮০ টা শিশুৰ বয়স ১৮ বছৰতকৈ কম ।

বিভিন্ন স্থানৰ পৰা নিৰুদ্দিষ্ট হোৱা এই শিশুসকলক বিহাৰ, উত্তৰ প্ৰদেশ, ছট্টিশগড় আৰু পশ্চিমবংগৰ পৰা উদ্ধাৰ কৰে । উপ-আৰক্ষী আয়ুক্ত অতুল থাকুৰে কোৱা মতে, দিল্লী আৰু ইয়াৰ কাষৰীয়া ৰাজ্যৰ আৰক্ষী থানাত এই শিশুসকল সন্ধানহীন হোৱাৰ পিছতে গোচৰ ৰুজু কৰা হৈছিল । মানৱ সৰবৰাহ প্ৰতিৰোধ ইউনিটে শিশুসকলক উদ্ধাৰ কৰাৰ বাবে বিশেষ কৌশল অৱলম্বন কৰে । দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, উপ-পৰিদৰ্শক মহম্মদ শ্বফিক, উপ-পৰিদৰ্শক বীৰেন্দৰ, সহকাৰী উপ-পৰিদৰ্শক এম পি সিঙে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈকে দিল্লী আৰক্ষীয়ে সন্ধানহীন হোৱা ৩,৫০৭টা শিশুৰ ভিতৰত ২,৬২৯টা শিশু উদ্ধাৰ কৰিছে । দিল্লীৰ আৰক্ষী আয়ুক্তই আৰক্ষী বিষয়াসকলক উৎসাহিত কৰাৰ বাবে এক আঁচনি ঘোষণা কৰে । ১৪ বছৰৰ তলৰ ৫০টা অথবা তাতোকৈ বেছি শিশু উদ্ধাৰৰ সময়ত সহায় কৰা কনিষ্ঠবলক ১২ মাহৰ ভিতৰত আউট অৱ টাৰ্ণ পদোন্নতিৰ বাবে নিৰ্বাচিত কৰা হ'ব ।

লগতে পঢ়ক:মন্দিৰ সাজি ছনু চুডৰ মূৰ্তিত পূজা-আৰতি কৰিছে কোনে ?

ABOUT THE AUTHOR

...view details