অসম

assam

ETV Bharat / bharat

জামিয়াৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি 10জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ - সেবি আৰু এনআৰচি

সেবি আৰু এন আৰ চিক লৈ জামিয়া মিলিয়া ইছলামীয়াৰ ছাত্ৰ-ছাত্ৰী সকলে দেওবাৰে কৰাৰ উত্তাল প্ৰতিবাদৰ সন্দৰ্ভত আৰক্ষীয়ে 10 লোকক গ্ৰেপ্তাৰ কৰিছে ৷

Jamia incident
জামিয়াৰ হিংসাত্মক ঘটনা

By

Published : Dec 17, 2019, 1:28 PM IST

নিউজ ডেস্ক , 17 ডিচেম্বৰঃ দেওবাৰে ছেবি আৰু এনআৰচিকলৈ জামিয়া মিলিয়া ইছলামীয়াৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত আৰক্ষীয়ে 10 জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ এই প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী সকলে বাছত অগ্নিসংযোগ কৰাৰ লগতে বহুটো বহুটো ব্যক্তিগত বাহন ভাঙি লণ্ড ভণ্ড কৰিছিল ৷ এই উত্তাল প্ৰতিবাদত বহু ছাত্ৰ ছাত্ৰীৰ লগতে আৰক্ষীৰ লোক আহত হৈছিল ৷

অগ্নিসংযোগ কৰা বাইক

আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি নিউ ফ্ৰেণ্ডজ কলনি আৰু জামিয়া নগৰ থানাত দুখন এজাহাৰ দাখিল কৰিছে ৷ অপৰাধ অনুসন্ধান সংস্থাক এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দায়িত্ব দিয়া হৈছিল ৷ তথ্য অনুসৰি এই ঘটনাৰ লগত জড়িত যি 10 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁলোক জামিয়াৰ শিক্ষাৰ্থী নহয় আৰু তেওঁলোকৰ ভিতৰত কেইজনমান পূৰ্বেও অপৰাধ জনিত ঘটনাত জড়িত আছিল ৷ সম্প্ৰতি আৰক্ষীয়ে আটকাধীন লোক কেইজনক সোধ-পোচ কৰি আছে তদন্ত অব্যাহত ৰাখিছে ৷

জামিয়াৰ হিংসাত্মক ঘটনাকলৈ 10জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ

লগতে পঢ়ক - শীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে

ABOUT THE AUTHOR

...view details