নেশ্যনেল ডেস্ক, 8 অক্টোবৰ : ৰাঁচীৰ সদৰ আৰু কাংকে অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 10 নক্সালবাদী ৷ আৰক্ষীৰ সোধাপোছাত ইয়াৰ পূৰ্বে তেওঁলোক গাঁও অঞ্চলত অপৰাধী কাণ্ডৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰে ৷
সূত্ৰৰ মতে, গ্ৰেপ্তাৰ হোৱা নক্সালবাদী কেইজন পিপলছ লিবাৰেছন ফ্ৰন্ট অৱ ইণ্ডিয়াৰ (PLFI) আঞ্চলিক কমাণ্ডাৰ পুনাই অৰায়ন স্কোৱাডৰ সৈতে জড়িত হৈ আছিল ৷