নেচনেল ডেস্ক, 1 জানুৱাৰী:লক্ষ্ণৌৰ বাজাৰীগঞ্জ থানা অঞ্চলৰ অম্বে এচ'চিয়েট ফাইনেন্স কোম্পানীৰ কাৰ্যালয়ত সুৰাপায়ী দুৰ্বৃত্তই কোম্পানীৰ স্বত্বাধিকাৰীক আক্ৰমণ কৰাৰ এক ঘটনা সংঘটিত হৈছে ৷ কোম্পানীটোৰ স্বত্বাধিকাৰী অজয় ত্ৰিবেদীক আক্ৰমণ কৰি দুৰ্বৃত্তৰ দলটোৱে প্ৰায় 10 লাখ সংগ্ৰহিত ধন লৈ উধাও হয় ৷ অৱশ্যে কোম্পানীটোৰ স্বত্বাধিকাৰীক আক্ৰমণ কৰাৰ লগতে নগদ ধন লৈ উধাও হোৱা সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয় ৷ চিচিটিভিত বন্দী হোৱা সমগ্ৰ দৃশ্যৰ আধাৰত এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে সন্ধিয়া প্ৰায় 8 বজাত এই আক্ৰমণ সংঘটিত কৰিছিল কিন্তু মন কৰিব লগীয়া যে উক্ত ঘটনা সংঘটিত হৈ যোৱাৰ পাছতো ভুক্তভোগী বা ভুক্তভোগীৰ পৰিয়ালৰ কোনোৱে আৰক্ষীৰ কাষ চপা পৰিলক্ষিত হোৱা নাছিল ৷ চিচিটিভিৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাতহে আৰক্ষীয়ে নিজেই তদন্ত আৰম্ভ কৰি ভুক্তভোগীক বিচাৰি উলিয়াই গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷