অসম

assam

ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Sep 27, 2020, 12:58 PM IST

প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ দেহাৱসান

চৰ উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ বিয়োগ ৷ গুৱাহাটী ইন্টাৰনেশ্যনেল হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ দীৰ্ঘদিনৰ পৰা মধুমেহ আৰু বৃক্ক জনিত ৰোগত ভূগি আছিল দিলদাৰ ৰেজ্জা ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত 59,92,532 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণাৰ সংক্ৰমণ ৷ ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 94,503 গৰাকীলৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰে এই তথ্য ৷

ভেল্লাত হস্তনিৰ্মিত পিষ্টলসহ তিনিটা ডকাইত গ্ৰেপ্তাৰ

ডকাইতি কৰিবলৈ আহি চোপ লৈ থকা অৱস্থাত বৰপেটা আৰক্ষীয়ে আটক কৰে তিনিটা ডকাইত ৷ জব্দ সজীৱ গুলিসহ পিষ্টল ৷ এই অভিযানৰ মাজতে চাৰিচকীয়া বাহনসহ আন তিনিটা ডকাইত আন্ধাৰৰ সুযোগ লৈ পলায় সাৰে ৷

ড্ৰাগছ সেৱনত ব্যৱহাৰ হয় অনলাইনত অহা বিশেষ নোট !

গোলাগাটত দুই যুৱকৰ ৰহস্যজনক কাণ্ড ! ধন নিদিয়াকৈ কুৰিয়াৰত অহা বিশেষ নোট লৈ পলায়ন কৰিলে যুৱক দুজনে ৷ কুৰিয়াৰ চাৰ্ভিচৰ কৰ্মচাৰীৰ অভিযোগৰ পাছতেই আৰক্ষীয়ে আটক কৰে দুয়োকে ৷ যুৱক দুজনৰ পৰা জব্দ ড্ৰাগছ সহ ২৪ হাজাৰ খন এটকীয়া নোট ৷

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি ; বন্ধ হ’ল নিমাতীঘাট ফেৰী সেৱা

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে পুনৰ বন্ধ কৰি দিয়া হ’ল যোৰহাটৰ নিমাতীঘাত ফেৰী সেৱা ৷ ইতিমধ্যে নিমাতীঘাটৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে ৷

দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান

ভাৰতীয় ৰাজনীতিৰ এক বৰ্ণিল যুগৰ অৱসান ৷ দেশৰ প্ৰাক্তন কেন্দ্ৰীয় প্ৰতিৰক্ষা, বিত্ত তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী যশৱন্ত সিঙৰ দেওবাৰে দেহাৱসান ঘটে ৷

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দৃষ্টিশক্তিহীন এজন শিক্ষিত যুৱক

কাৰ্তিক ডেকাৰ গাওঁখনৰ বহু লোকে বৰ্তমান সময়তো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰি আহিছে যদিও কাৰ্তিকৰ পৰিয়ালটোৱে আজিলৈকে এটা চৰকাৰী আৱাসগৃহ লাভ কৰিবলৈ সক্ষম নহ’ল ।

জালুকবাৰী আৰক্ষীৰ জালত দুটা বহিঃৰাজ্যৰ এ টি এম হেকাৰ

নতুন কৌশলেৰে এ টি এমৰ ধন লুট বহিঃৰাজ্যৰ যুৱকৰ । বশিষ্ঠ আৰক্ষীৰ এক খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ এটা দলে অভিযান চলাই স্কুটীসহ কৰায়ত্ব কৰে দুই আন্তঃৰাষ্ট্ৰীয় এ টি এম হেকাৰক ।

আমিনগাঁৱৰ সংকট মোচন সেৱাশ্ৰমৰ লগত পি কে দত্তৰে কি সম্পৰ্ক ?

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত পে কে দত্ত আমিনগাঁৱৰ সংকট মোচন সেৱাশ্ৰমত আত্মগোপন কৰাৰ সন্দেহ কামৰূপ জিলা আৰক্ষীৰ ৷ তাৰ পৰিপ্ৰেক্ষিততে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পি কে দত্তৰ সন্ধানত আশ্ৰমখনত চলায় অভিযান ৷

ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা মৰিগাঁৱৰ বিষ্ণু বৰদলৈ

এজন প্ৰতিশ্ৰুতি সম্পন্ন ফুটবলাৰ । ভাৰতীয় ফুটবল প্ৰেমীৰ মাজত জনপ্ৰিয় তেওঁ । ভাৰতীয় ফুটবলক প্ৰতিনিধিত্ব কৰি বহিঃৰাষ্ট্ৰত দুভৰিৰ যাদু প্ৰদৰ্শনৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

ABOUT THE AUTHOR

...view details