অসম

assam

ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Sep 17, 2020, 1:00 PM IST

পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী

পিছুৱাই দিয়া হ'ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৮ ছেপ্তেম্বৰত মুকলি কৰিবলগীয়া ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটন কাৰ্যসূচী ৷

কৃত্ৰিম বানত বুৰিছে কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

কৃত্ৰিম বানে দীৰ্ঘদিনে ব্যাহত কৰিছে কৰি আহিছে কলগাছিয়াৰ স্বাভাৱিক জন-জীৱন ৷ এজাক বৰষুণতেই কলগাছিয়াত সৃষ্টি হোৱা কৃত্ৰিম বানত ভাৰাক্ৰান্ত স্থানীয় লোক ৷ সংবাদ মাধ্যমযোগে কৃত্ৰিম বান সমস্য়াৰ স্থায়ী সমাধানৰ দাবী জনালে ভুক্তভোগী ৰাইজে ৷

দিল্লী কাণ্ড সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক বিৰোধী নেতাৰ

বৃহস্পতিবাৰে দিনৰ প্ৰায় 12:30 বজাত কেইবাগৰাকীও বিৰোধী নেতাই সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক ৷ দিল্লীৰ কাণ্ডৰ তদন্ত সন্দৰ্ভত উদ্বেগ প্ৰকাশৰ বাবে নেতা কেইগৰাকীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ৷

মৎস উৎপাদনৰে স্বাৱলম্বী ৰঙিয়াৰ দুই ব্যক্তি

এটা ৰাজহুৱা পৰিত্যক্ত পুখুৰীত মৎস্যপালন কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে ৰঙিয়াৰ গুৰকুছিৰ দুই উদ্যমী লোকে ৷ লগতে পুখুৰীটোৰ পাৰত উৎপাদন কৰিছে বিভিন্ন শাক-পাচলি আৰু ফল-মূল ৷

কৰিমগঞ্জত আৰক্ষীৰ অভিযানত আটক 3 জুৱাৰী

বুধবাৰে নিশা শিলচৰ ৰোডৰ এটা বাসগৃহৰ পৰা 3 টাকৈ জুৱাৰী আটক কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে এক গোচৰ ৷

ভাৰতত 51 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই

17 ছেপ্তেম্বৰৰ পুৱা 8 বজালৈ প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 51 লাখৰ ঘৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

হায়দৰাবাদৰ প্ৰৱল বৃষ্টিপাতৰ ফলত দুজনৰ মৃত্যু

বুধবাৰে হায়দৰাবাদত হোৱা মুষলধাৰ বৰষুণৰ ফলত মেডিপল্লী অঞ্চলত দেৱাল ভাঙি দুজনৰ মৃত্যু হোৱাৰ লগতে বহু অঞ্চল পানীৰ তলত ডুব যায় ৷ তেলেংগানা আৰু দক্ষিণ ছত্তীশগড়ৰ নিম্ন চাপৰ বাবে প্ৰৱল বৃষ্টিপাতৰ অনুমান কৰা হৈছে বুলি হায়দৰাবাদ বতৰ বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ে জানিবলৈ দিয়ে ৷

জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে বাইহাটাৰ এখন পশু চিকিৎসালয়

বাইহাটাৰ নিকটৱৰ্তী শিঙাৰপৰাৰ একমাত্ৰ পশু চিকিৎসালয় খনৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ৷ কদৰ্যময় অৱস্থাতে চিকিৎসালয় খনত অব্য়াহত আছে পশুৰ চিকিৎসা ৷

দিছপুৰতে পৰি আছে ৬ নং দফা কমিটিৰ প্ৰতিবেদন

কেৱল এটা বাক্যত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে উত্তৰ দিলে যে, প্ৰতিবেদন অসম চৰকাৰে পয্যবেক্ষন কৰি আছে । অৰ্থাৎ প্ৰতিবেদন এতিয়াও দিছপুৰতে পৰি আছে । দিল্লী পোৱাগৈয়ে নাই ।

কৃষিখণ্ডৰ উন্নয়নৰ স্বাৰ্থত 39,300 কোটিৰ আঁচনি গ্ৰহণ য়েডিউৰাপ্পা চৰকাৰৰ

কৃষি খণ্ডত বিকাশ সাধন কৰাৰ অৰ্থে চলিত বিত্তীয় বৰ্ষত প্ৰায় 39,300 কোটি টকাৰ পাম্প নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে ৷ বুধবাৰে এই বিষয়ে ঘোষণা কৰে মুখ্যমন্ত্ৰী বি.এছ য়েডিউৰাপ্পাই ৷

ABOUT THE AUTHOR

...view details