অসম

assam

ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Sep 11, 2020, 1:32 PM IST

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

সমগ্ৰ বিশ্বতে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় 2,83,16,556 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও বিশ্বত 9,13,284 গৰাকীলৈ অতিক্ৰম কৰিলে ৷

কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 2 জন

কাৰ্বি আংলঙৰ লাংহিনত এখন ট্ৰাক আৰু এখন ছুইফ্ট ডিজায়াৰ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে দুজনকৈ ব্যক্তি ৷ নিহত দুজন ক্ৰমে দীপ বৰা আৰু নিৰ্মল বৰা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই পাহাৰীয়া জিলাখনত পেলাইছে শোকৰ ছাঁ ৷

ৰিয়া-সৌভিকৰ জামিন আবেদন নাকচ

নাকচ হ'ল ৰিয়া চক্ৰৱৰ্তী আৰু সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন ৷ শুকুৰবাৰে বিশেষ আদালতে দুয়োৰে জামিন আবেদন সন্দৰ্ভত প্ৰদান কৰে এই ৰায় ৷ আনহাতে এই গোচৰত অভিযুক্ত আন 4 জন অভিযুক্তৰো জামিন আবেদন নাকচ কৰে আদালতে ৷

১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ আৰু ৪ খন নতুন ৰেল

দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰেল যাত্ৰী সকলৰ বাবে সুখবৰ । ১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ পুনৰ চলিব ৪ খন ৰেল ৷

গোসাইগাঁৱত শোকাবহ পথ দূৰ্ঘটনাঃ নিহত এজন

মানিকপুৰৰ গোসাইগাঁও ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাবহ পথ দূৰ্ঘটনা । তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হ’ল এজন পথচাৰী । নিহত চাইকেল আৰোহীজন ভক্তপ্ৰসাদ দাস (৩৮) বুলি জানিব পৰা গৈছে ৷

বামুণীগাঁও সুৰক্ষা ৰেঞ্জাৰৰ অভিযানত জব্দ ৮ খন বালিভৰ্তি ট্ৰাক

বামুণীগাঁও সুৰক্ষা ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত আৰু শিংৰা ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া অনন্ত কলিতাৰ লগতে কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ সহযোগত চলা অভিযানত জব্দ হয় অবৈধ বালি ভৰ্তি ট্ৰাককেইখন ৷

বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীৰ সৈতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক

ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিত পাঠদান তথা পৰীক্ষা অনুষ্ঠিতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যকে ধৰি বিভিন্ন মহাবিদ্যালয় অধ্যক্ষসকলৰ বৈঠক ।

ন্যায় পাবনে বৰপেটাৰ টিংকুমনি দাসৰ পৰিয়ালে ?

যোৱা 7 ছেপ্টেম্বৰৰ সন্ধিয়া বৰপেটাৰ পাটবাউসীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ সন্ধিয়া ঘৰৰ সন্মুখৰ পৰাই টিংকুমনি দাস নামৰ এজন যুৱ লেখক, সমাজকৰ্মী সন্ধানহীন হোৱাৰ কিছুসময় পিচতেই হাত ভৰি বন্ধা অৱস্থাত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হৈছিল ৷

বড়ো ওমেন জাষ্টিচ ফ'ৰামৰ কাৰ্যকৰী সভানেত্ৰীক পহুখেদা !

ওদালগুৰিত বিপিএফৰ সমৰ্থকক খেদি পঠালে ৰাইজে ৷ বিপিএফৰ হৈ ভোট বিচাৰি যাওতেই ৰাইজৰ খেদা খালে বড়ো ওমেন জাষ্টিচ ফ'ৰামৰ কাৰ্যকৰী সভানেত্ৰীয়ে ।

দৃষ্টিনন্দন সাজসজ্জাৰে ৰাধা-কৃষ্ণৰ ভাওত এজাক শিশু

জন্মাষ্টমীৰ দিনটোত ৰাধা-কৃষ্ণৰ সাজোন-কাচোন প্ৰতিযোগিতাত ভাগ লবলৈ আহিল এজাক শিশু ৷

ABOUT THE AUTHOR

...view details