অসম

assam

ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Aug 24, 2020, 1:00 PM IST

চন্দ্রপ্রভা শইকীয়ানীৰ জীৱন পৰিক্ৰমা বিষয়ক আলেখ্য সম্প্ৰচাৰ BBCত

চন্দ্রপ্রভা শইকীয়ানীক 'মহীয়সী নাৰী'ৰ সন্মান দিলে BBCয়ে। নাৰী সবলীকৰণ আৰু দেশৰ স্বাধীনতাৰ বাবে কৰা ত্যাগক BBCয়ে আলেখ্যৰ জৰিয়তে সুন্দৰ ৰূপত উপস্থাপন কৰিলে। BBC হিন্দীত ২মিনিট ২১ছেকেণ্ডৰ আলেখ্যত পৰিস্ফুট হ'ল চন্দ্রপ্রভা শইকীয়ানীৰ জীৱন পৰিক্ৰমা।

COVID-19: ভিন্ন দেশৰ শেহতীয়া তথ্য

বিশ্বজুৰি 2,35,86,023তকৈয়ে গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্য়া ৷ ইয়াৰ লগে লগে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও বিশ্বজুৰি বৃদ্ধি পালে 8,12,527 গৰাকীতকৈয়ো অধিক লোকলৈ ৷

ডিজিটেল প্ৰক্ৰিয়াৰে হ'ব পৰৱৰ্তী লোকপিয়ল

চৰকাৰে শীঘ্ৰে ৰাষ্ট্ৰৰ 16 নং লোকপিয়লৰ তাৰিখ ঘোষণা কৰা হ'ব ৷ এইবেলি লোকপিয়ল প্ৰক্ৰিয়াত কিছু সাল-সলনি হ'ব ৷ প্ৰযুক্তিৰ সহায়ত চলিত বৰ্ষৰ লোকপিয়ল ডিজিটেলাইজ কৰা হ'ব ৷ য'ত প্ৰায় 30 লাখ কৰ্মচাৰী অন্তৰ্ভুক্ত হৈ থাকিব ৷

কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ ভাৰ্চুৱেল বৈঠক

কংগ্ৰেছৰ অন্তঃৱৰ্তীকালীন অধ্যক্ষৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ সম্ভাৱনা ছোনীয়া গান্ধীৰ ৷

বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত অগ্নিকাণ্ড

দেওবাৰে নিশা বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত সংঘটিত এক অগ্নিকাণ্ডত জাহ যায় 7 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় 15 লক্ষাধিক টকাৰ সম্পত্তি ৷

নাৱেৰে চিকিৎসালয়লৈ প্ৰেৰণ COVID-19ত আক্ৰান্ত ৰোগীক

অন্ধ্ৰ প্ৰদেশত নাৱেৰে চিকিৎসালয়লৈ প্ৰেৰণ COVID-19ত আক্ৰান্ত ৰোগীক ৷ বানৰ বাবে ঘৰতে আবদ্ধ হৈ আছিল COVID-19ত আক্ৰান্ত ৰোগীজন ৷

বগৰীবাৰীৰ মথাউৰি নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ

ৰঙিয়াৰ বগৰীবাৰীৰ ভগ্ন মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ ৷ টকা আৱন্টন হোৱাৰ পাচতো ঠিকাদাৰে নিৰ্মাণ কাৰ্য লেহমীয়া কৰাৰ অভিযোগ ৰাইজৰ ৷

হোজাইত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

হোজাইত ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ চোৰাং কাঠৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাৰ পিচতে বন বিভাগৰ বিশেষ তৎপৰতা ৷ দেওবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ ৷

ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকাত WECHAT এপছ্ ব্যৱহাৰকাৰীৰ গোচৰ

আমেৰিকাত WECHAT এপছ্ ব্যৱহাৰকাৰী সকলে আদালতত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ৷ চীনা এপছ্টো নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এই গোচৰ ব্যৱহাৰকাৰীৰ ৷

ছাত্ৰ সন্থাৰ পতাকা দুৰ্বৃত্তই ভৰিৰে গছকি পেলাই থৈ যোৱাৰ অভিযোগ গৌৰীসাগৰ ছাত্ৰ সন্থাৰ

সোমবাৰে গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা গ্ৰহণ কৰিছিল এক 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৷ কিন্তু অনশন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ প্ৰতিবাদস্থলীত লগোৱা পেণ্ডেল দেওবাৰে নিশা কোনো দুৰ্বৃত্তই আহি ভাঙি থৈ যোৱাৰ লগতে, সদৌ অসম ছাত্ৰ সন্থাৰ ধ্বজাবাহক পতাকাখন ভৰিৰে গছকি পেলাই থৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে ছাত্ৰনেতা সকলে ৷

ABOUT THE AUTHOR

...view details