অসম

assam

ETV Bharat / bharat

মিজোৰামত দেওবাৰে এজন জোৱানৰ দেহত ধৰা পৰে ক’ভিড - ৰেপিড এন্টিজেন টেষ্ট

মিজোৰামত ক’ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 4,293 গৰাকীলৈ আৰু মৃত্যু হৈছে 9 গৰাকীৰ ৷ ইয়াৰে 4,192 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমানো সক্ৰিয় হৈ আছে 92 টা ঘটনা ৷

1 new Covid-19 positive case was detected on January 10
মিজোৰামত দেওবাৰে এজন জোৱানৰ দেহত ধৰা পৰে ক’ভিড

By

Published : Jan 11, 2021, 6:46 PM IST

মিজোৰাম, 11 জানুৱাৰী :মিজোৰামত দেওবাৰে এজন বিএছএফ জোৱানৰ দেহত ধৰা পৰে ক’ভিড 19 ৷ জোৱানজন অসমত কোৱাৰেন্টাইন হৈ আছিল ৷ মিজোৰামত উপস্থিত হোৱাৰ পাছতেই তেওঁৰ দেহত ধৰা পৰে ক’ভিড 19 ৷ মিজোৰামৰ বিভিন্ন জিলাৰ Truenat গৱেষণাগাৰত দেওবাৰে 66 জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ গৱেষণাগাৰত হোৱা পৰীক্ষণত আন লোকসকলৰ ৰিজাল্ট নিগেটিভ আহে যদিও জোৱানজনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে ৷ আনহাতে জোৰাম মেডিকেল কলেজৰ আৰটি-পিচিআৰ গৱেষণাগাৰত দেওবাৰে হোৱা পৰীক্ষণত এজনো লোকৰ দেহত ধৰা নপৰে ক’ভিড পজিটিভ ৷

মিজোৰামত দেওবাৰে এজন জোৱানৰ দেহত ধৰা পৰে ক’ভিড

মিজোৰামত একেদিনাই 144 জন লোকৰ ৰেপিড এন্টিজেন টেষ্টো কৰা হয় ৷ ইয়াতো এজনো লোকৰ দেহত ধৰা পৰা নাই ক’ভিড ৷ উল্লেখ্য যে, মিজোৰামত দেওবাৰে মুঠ 210 জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰ লগতে ৰাজ্যখনত ক’ভিড পৰীক্ষণ কৰা লোকৰ সংখ্যা 1,87,079 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে ৰাজ্যখনত বৰ্তমান ক’ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 4,293 গৰাকীলৈ আৰু মৃত্যু হৈছে 9 গৰাকীৰ ৷ ইয়াৰে 4,192 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমানো সক্ৰিয় হৈ আছে 92 টা ঘটনা ৷

লগতে পঢ়ক :শিলচৰত বিজয় সংকল্প সভাত অংশগ্ৰহণ জে পি নাড্ডাৰ

ABOUT THE AUTHOR

...view details