অসম

assam

By

Published : Dec 25, 2019, 4:50 PM IST

ETV Bharat / bharat

মানসিক ৰোগত বিশ্বৰ ভিতৰতে আগবঢ়া ভাৰত

বিশ্বৰ ভিতৰতে ভাৰতত মানসিক ৰোগীৰ সংখ্যা অধিক৷ 2017 চনত প্ৰকাশ পোৱা এক তথ্য অনুসৰি ভাৰতত মানসিক ৰোগীৰ সংখ্যা মুঠ 197 মিলিয়ন ৷ ইয়াৰে বিষণ্ণতাত 46 মিলিয়ন লোক আৰু উদ্বিগ্নতাৰ দ্বাৰা 45 মিলিয়ন লোক আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত তামিলনাডুত বিষণ্ণতাত ভোগা ৰোগীৰ সংখ্যা আটাইতকৈ অধিক ৷

মানসিক ৰোগত বিশ্বৰ ভিতৰতে আগবঢ়া ভাৰত
মানসিক ৰোগত বিশ্বৰ ভিতৰতে আগবঢ়া ভাৰত

নিউজ ডেস্ক, 25 ডিচেম্বৰ: সোমবাৰে প্ৰকাশ পোৱা এক তথ্য অনুসৰি ভাৰতত মুঠ 7 জন লোকৰ ভিতৰত 1 জন লোকেই আক্ৰান্ত মানসিক ৰোগত ৷ আনহাতে 1990 চনৰ সংগৃহীত তথ্য অনুসৰি ভাৰতত ৰাজ্যজুৰি মানসিক ৰোগীৰ সংখ্যা দুগুণ হাৰত বৃদ্ধি পাইছে ৷

এই ৰোগসমূহৰ ভিতৰত বিষন্নতা, উদ্বিগ্নতা, চিজফৰেনীয়া, বায়পলাৰ ডিচৰডাৰ, ইডিঅ'পেথিক ডেভেলপমেণ্ট ইণ্টেলেকচ্যুৱেল ডিচেবিলিটি, কনডাক্ট ডিচৰডাৰ আৰু অউটিজিম অন্যতম ৷

জনসামাজিক সূচকাংকৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহক লৈ চলোৱা অধ্যয়নত ৰাজ্যমূহক 3 টা ভাগত ভগোৱা হৈছে ৷ কম, মধ্যম আৰু উচ্চ জনসামাজিক সূচকাংক ৰাজ্য ৷

তামিলনাডুত মানসিক ৰোগীৰ সংখ্যা সৰ্বাধিক :

তামিলনাডুত মানসিক ৰোগীৰ সংখ্যা সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰতেই সৰ্বাধিক ৷ প্ৰতি 1 লাখ লোকৰ ভিতৰত বছৰি তামিলনাডুত 836 জন, কেৰালাত বছৰি 641 জন, গোৱাত বছৰি 626 জন, তেলেংগানাত 756 জন, আৰু অন্ধ্ৰ প্ৰদেশত বছৰি 793 জন মানসিক ৰোগীৰে এইকেইখন ৰাজ্য মধ্য জনসামাজিক সূচকাংকৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ৷

ইয়াৰ উদ্বিগ্নতাত আক্ৰান্তসকলৰ ভিতৰত কেৰালাত 1 লাখ জনসংখ্যাৰ ভিতৰত বছৰি 383 জন, হিমাচল প্ৰদেশত 329 জন, তামিলনাডুত 325 জন, কৰ্ণাটকত 324 জন, আৰু মহাৰাষ্ট্ৰত বছৰি 324 জন ৰোগীৰ সংখ্যাৰে এইসমূহ ৰাজ্য উচ্চ জনসামাজিক সূচকাংকত অন্তৰ্ভূক্ত ৷ লগতে অন্ধ্ৰ প্ৰদেশ প্ৰতি বছৰে 328 জন, মণিপুৰ 360 জন আৰু পশ্চিম বংগ বছৰি 331 জন ৰোগীৰে জনসামাজিক সূচকাংকৰ মধ্য স্থানত আছে ৷

মানসিক ৰোগত বিশ্বৰ ভিতৰতে আগবঢ়া ভাৰত

মানসিক ৰোগসমূহৰ ভিতৰত বিষণ্ণতা আৰু উদ্বিগ্নতাৰ প্ৰাদুৰ্ভাৱ সমগ্ৰ দেশত অধিক আৰু এই প্ৰতিদিনেই এই দুই ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত হৈছে ৷ বিশেষকৈ দক্ষিণ ভাৰতত মহিলা সকলৰ মাজত এই ৰোগৰ প্ৰভাৱ সৰ্বাধিক ৷ বিষণ্ণতাত ভোগা ৰোগীসকলৰ ভিতৰত প্ৰাপ্তবয়স্কৰ সংখ্যা অধিক ৷ কিয়নো বয়সৰ লগে লগে এই ৰোগে অতি শীঘ্ৰে প্ৰভাৱিত কৰিব পাৰে লোকসকলক ৷ এই বিষণ্ণতাৰ বাবেই প্ৰাপ্তবয়স্ক লোকসকলৰ মাজত আত্মহত্যাৰ সংখ্যাও অধিক ৷

আনহাতে শিশুসকলৰ মাজত idiopathic developmental intellectual disability, conduct disorders, and autism এইবোৰ ৰোগৰ সংখ্যা অধিক ৷ সমগ্ৰ ভাৰতৰ ভিতৰত উত্তৰ-ভাৰতৰ ৰাজ্যসমূহৰ শিশুসকলৰ মাজত এই ৰোগসমূহৰ প্ৰভাৱ অতি বেছি ৷

পুৰুষতকৈ মহিলাৰ মাজত বিষণ্ণতাৰ প্ৰভাৱ অধিক :

পুৰুষৰ তুলনাত মহিলাসকল মানসিক ৰোগত অধিক আক্ৰান্ত হোৱা পৰিলক্ষিত হয় ৷ বিষণ্ণতাত আক্ৰান্ত মহিলা 3.9শতাংশ হোৱাৰ বিপৰীতে পুৰুষ 2.7 শতাংশ, উদ্বিগ্নতাত 3.9শতাংশ মহিলা হোৱাৰ বিপৰীতে 2.7 শতাংশ পুৰুষ, Autism ত আক্ৰান্ত মহিলা 0.5 শতাংশ হোৱাৰ বিপৰীতে 0.2 শতাংশ পুৰুষ ৷ আনহাতে, আন আন মানসিক ৰোগতো পুৰুষতকৈ মহিলাসকল অধিক আক্ৰান্ত হোৱা পৰিলক্ষিত হয় ৷

সেয়েহে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতেই এই মানসিক ৰোগীৰ সংখ্যা যি দুগুণ হাৰত বৃদ্ধি পাইছে, সেইসমূহ কমোৱাৰ উদ্দেশ্যে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো অতি জৰুৰী ৷

ABOUT THE AUTHOR

...view details