অসম

assam

ETV Bharat / bharat

নাবালিকাক গণধৰ্ষণৰ অভিযোগত এজনক আটক

উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত এগৰাকী নাবালিকাৰ গণধৰ্ষণৰ অভিযোগত এজন অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰিছে । নিৰ্যাতিতা নাবালিকা গৰাকীৰ মাতৃয়ে দিয়া এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিলে অপৰাধীটোক ।

1 held for gangrape of minor in UP's Saharanpur
উত্তৰ প্ৰদেশত এগৰাকী নাবালিকাৰ গণধৰ্ষণৰ অভিযোগত এজনক আটক

By

Published : Aug 17, 2020, 10:25 PM IST

নিউজ ডেস্ক,১৭ আগষ্ট: সোমবাৰে আৰক্ষীয়ে সদৰি কৰা মতে, চাহাৰনপুৰত এগৰাকী নাবালিকাৰ লগত হোৱা গণধৰ্ষণ কাণ্ডৰ লগত জড়িত এজন অপৰাধীক ইতিমধ্যে আটক কৰাৰ লগতে আনসমূহ অপৰাধীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে ।

মহানগৰ আৰক্ষী অধীক্ষক বিনিত ভাটনাগৰে উল্লেখ কৰা মতে, এই পাশৱিক ঘটনাৰ লগত লগত জড়িত এটা অপৰাধীক আটক কৰা হৈছে যদিও গণধৰ্ষণৰ ঘটনাটোৰ লগত জড়িত আনসমূহ অপৰাধীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, চাহাৰানপুৰ জিলাৰ এগৰাকী নাবালিকাক চাৰি যুৱকে কৰিছিল গণধৰ্ষণ । নিৰ্যাতিতা নাৱালিকা গৰাকীৰ মাতৃৰ অভিযোগৰ পিছতেই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল । অভিযোগ অনুসৰি নাবালিকা গৰাকীক কৰা হৈছিল গণধৰ্ষণ । ইতিমধ্যে নিৰ্যাতিতা গৰাকীক মেডিকেল পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই অমানৱীয় ঘটনাটোক লৈ তদন্ত অব্যাহত থকাৰ লগতে অপৰাধীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details