অসম

assam

ETV Bharat / bharat

পশ্চিম বংগত মহিলাৰ পেটত ওলাল 1.5 কিলো গহণা আৰু মুদ্ৰা - 1.5 kg ornaments in stomach

পশ্চিমবংগৰ বীৰভূম জিলাৰ এখন চৰকাৰী চিকিৎসালয়ত বুধবাৰে এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত মহিলাৰ পেটৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ গহণা আৰু মুদ্ৰা উদ্ধাৰ কৰা হয় ৷

পশ্চিম বংগত মহিলাৰ পেটত উলাল 1.5 কিঃলোঃৰ গহণা আৰু মুদ্ৰা

By

Published : Jul 25, 2019, 7:18 PM IST

নিউজডেস্ক,25জুলাইঃ পশ্চিমবংগৰ বীৰভূম জিলাৰ এখন চৰকাৰী চিকিৎসালয়ত বুধবাৰে এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত মহিলাৰ পেটৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ গহণা আৰু মুদ্ৰা উদ্ধাৰ কৰা হয় ৷ ৰামপুৰহাট চৰকাৰী চিকিৎসালয়ৰ চাৰ্জাৰি বিভাগৰ চিকিৎসক সিদ্ধাৰ্থ বিশ্বাসে জনোৱা মতে 26 বছৰীয়া মহিলাগৰাকীৰ পেটত 5 আৰু 10 টকীয়া মুঠ 90 টা মুদ্ৰাৰ লগতে গহণা যেনে নেকলেচ, পায়ল, খাঁৰু, কাণফুলি, নাকফুলি আদি পোৱা যায় ৷ উল্লেখ্য যে উদ্ধাৰ হোৱা গহণাসমূহৰ প্ৰায়সংখ্যকে তাম আৰু পিতলৰ আছিল যদিও কিছু সংখ্যক সোণৰ গহণাও আছিল ৷

পশ্চিম বংগত মহিলাৰ পেটত উলাল 1.5 কিঃলোঃৰ গহণা আৰু মুদ্ৰা

ইপিনে মহিলাগৰাকীৰ মাতৃয়ে জনোৱা মতে দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ ঘৰৰ গহণা নোহোৱা হৈ আছিল ৷ কিন্তু যেতিয়াই তাইক মাকে গহণাৰ বিষয়ে সোধপোছ কৰিছিল তেতিয়াই তাই কান্দিছিল ৷ বিগত কেইবা দিনৰ পৰা মহিলাগৰাকী শাৰিৰীকভাৱে অসুস্থ হোৱাত চিকিৎসকক দেখোৱাৰ পাচতেই পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা ৷

ABOUT THE AUTHOR

...view details