অসম

assam

২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ৭৭ গৰাকী আৰক্ষীৰ লোক কোভিড-১৯ত আক্ৰান্ত

By

Published : Jul 1, 2020, 9:33 PM IST

বৰ্তমান মহাৰাষ্ট্ৰত কোভিড-১৯ ত আক্ৰান্ত মুঠ ১,০১৫ গৰাকী আৰক্ষীৰ লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ৬০ গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা।

মহাৰাষ্ট্ৰ
1 death, 77 new COVID-19 cases reported among policemen: Maha Police

নিউজ ডেস্ক, ১ জুলাই : দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ৭৭ গৰাকী আৰক্ষীৰ লোক কোভিড-১৯ আক্ৰান্ত হোৱাৰ বিপৰীতে ১ গৰাকী মৃত্যুমুখত পৰিছে। মহাৰাষ্ট্ৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য।

২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ৭৭ গৰাকী আৰক্ষীৰ লোক কোভিড-১৯ত আক্ৰান্ত

বৰ্তমান মহাৰাষ্ট্ৰত কোভিড-১৯ ত আক্ৰান্ত মুঠ ১,০১৫ গৰাকী আৰক্ষীৰ লোক চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে ৬০ গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা।

ইফালে, স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত মুঠ ১,৭৪,৭৬১ গৰাকী লোকৰ কোভিড ১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে, ৭৫,৯৭৯ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ৯০,৯১১ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আনহাতে, কৰ'ণা ভাইৰাছৰ ফলত মহাৰাষ্ট্ৰত ৭,৮৫৫ গৰাকী ব্যক্তি মৃত্যুমুখত পৰিছে।

লগতে পঢ়ক : বিশ্বনাথত পুনৰ পহুমাংসসহ দুজন গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details