অসম

assam

ব্ৰেক্সিটৰ পক্ষত ব্ৰিটিছ ভোটাৰৰ ৰায় আৰু কিছু চিন্তা

By

Published : Jan 8, 2020, 12:29 PM IST

ব্ৰুছেলছৰ পৰা স্বাধীনতা লাভ কৰাৰ বাবে ব্ৰেক্সিটাৰসকলে আনন্দ কৰি থাকিলেও ব্ৰিটেইনে বিশেষভাৱে আনন্দিত হোৱাৰ কাৰণ নাই । ব্ৰিটেইনক মধ্যমীয়া শক্তি হিচাপে পৰিগণিত কৰাত ই সহায়ক হ’ব বুলি এগৰাকী প্ৰাক্তন কূটনীতিবিদে মন্তব্য কৰে । ইপিনে স্কটলেণ্ডত বাস্তৱিক কাৰণত ই ইউক সমৰ্থন কৰি দ্বিতীয়টো গণভোটৰ দাবী উত্থাপন হৈ আহিছে । ৪৮ খন আসনেৰে স্কটিছ নেশ্বনেল পাৰ্টীয়ে ১৩ খন আসনৰ লাভত থকাৰ বিপৰীতে ছখন আসন লাভ কৰি সাতখন হৰুওৱাৰ লগতে লেবাৰ দলে মাত্ৰ এখন আসন লাভ কৰিবলৈ সক্ষম হয়।

ব্ৰেক্সিটৰ পক্ষত ব্ৰিটিছ ভোটাৰৰ ৰায় আৰু কিছু চিন্তা
ব্ৰেক্সিটৰ পক্ষত ব্ৰিটিছ ভোটাৰৰ ৰায় আৰু কিছু চিন্তা

২০১৭ চনৰ সাধাৰণ নিৰ্বাচনৰ ৩০ মাহ পাছতে ২০১৯ চনৰ ১২ ডিচেম্বৰত ব্ৰিটেইনত নিৰ্বাচন অনুষ্ঠিত হৈছিল । কনজাৰ্ভেটিভ (টৰীছ),লেবাৰ,লিবাৰেল ডেমক্ৰেট,স্কটিছ নেশ্যনেল আৰু আন আন দলসমূহ তীব্ৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। আৰু জয়ী হৈছিল ব্ৰেক্সিট। ভাৰতৰ জোঁৱাই বৰিছ জনছনৰ নেতৃত্বত কনজাৰ্ভেটিভ দলে ব্ৰেক্সিট জোৱাৰত জয়লাভ কৰিবলৈ সক্ষম হয় । ৬৫০ খন আসনৰ ভিতৰত ৩৬৫ খন আসন লাভ কৰে দলটোৱে । ব্ৰেক্সিটক লৈ অস্পষ্ট স্থিতিত থকা ৭০ বছৰীয়া জেৰেমী কব্ৰাইনে ৫৯খন আসন পৰাজয়ৰে তেওঁৰ দলটোক পৰাজয়ৰ তিক্ত সোৱাদ প্ৰদান কৰে। দলটোৱে লাভ কৰে ২০৩ খন আসন যি সংখ্যা ১৯৩৫ চনৰ পৰা সৰ্বনিম্ন আসন ।

প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় জনছন

আৰু পঢ়কঃ শিলচৰৰ ডিটেনশ্যন কেম্পত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ দল

পুনৰবাৰ অপিনিয়ন প’লে জনসাধাৰণৰ মনৰ কথাবোৰ অনুধাৱন কৰিবলৈ সক্ষম হ’ল। প্ৰধানমন্ত্ৰী জনছনৰ এই অভূতপূৰ্ব বিজয়ে ইউৰোপিয়ান ইউনিয়নৰ সৈতে ব্ৰিটেইনৰ বিচ্ছেদৰ পথ মসৃণ কৰি তুলিছে । ২০১৬ চনৰ পৰা এই বিষয়টো ওলমি আছে আৰু এই সময়ছোৱাত দুজনকৈ প্ৰধানমন্ত্ৰীয়ে চকীত বহিবলগীয়া হয়। আশা কৰা হৈছে ব্ৰেক্সিটৰ বাবে নিৰ্ধাৰিত কৰা ৩১ জানুৱাৰীৰ সময়সীমা অৱশেষত পালন কৰা হ’ব। এয়া ইউৰোপিয়ান ইউনিয়নৰ সংগঠনত কেনেদৰে প্ৰভাৱ পেলায় সেয়া সময়তহে জনা যাব। কিন্তু ব্ৰেক্সিটে যে ইউৰোপিয়ান ইউনিয়নত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিব সেয়া নিশ্চিত । ১৯৫৭ চনত ছয়খন দেশে ইউৰোপিয়ান ইক’নমিক কমিটী হিচাপে প্ৰতিষ্ঠা কৰা ইউৰোপিয়ান ইউনিয়ন সফল আৰু অভিলাষী আঞ্চলিক সংগঠন হিচাপে পৰিগণিত হৈ আহিছে । ১৯৭৩ চনত ব্ৰিটেইনে ইউৰোপিয়ান ইউনিয়নত যোগদান কৰে । বিগত ছটা দশকত ২৮খন দেশৰ এক খ্ৰীষ্টান ক্লাবলৈ ৰূপান্তৰ হৈছে ইউৰোপিয়ান ইউনিয়ন চমুকৈ ই ইউ । মূলতঃ ধৰ্ম নিৰপেক্ষ যদিও মুছলমান প্ৰভাৱিত তুৰ্কীক অন্তৰ্ভুক্তিৰ বিষয়টো বৰ্তমান আলোচনাৰ পৰা দূৰত আছে । ব্ৰুছেলছৰ পৰা স্বাধীনতা লাভ কৰাৰ বাবে ব্ৰেক্সিটাৰসকলে আনন্দ কৰি থাকিলেও ব্ৰিটেইনে বিশেষভাৱে আনন্দিত হোৱাৰ কাৰণ নাই । ব্ৰিটেইনক মধ্যমীয়া শক্তি হিচাপে পৰিগণিত কৰাত ই সহায়ক হ’ব বুলি এগৰাকী প্ৰাক্তন কূটনীতিবিদে মন্তব্য কৰে ।

২০১৯ চনৰ ১২ ডিচেম্বৰত ব্ৰিটেইনত নিৰ্বাচন অনুষ্ঠিত হৈছিল

ইপিনে স্কটলেণ্ডত বাস্তৱিক কাৰণত ই ইউক সমৰ্থন কৰি দ্বিতীয়টো গণভোটৰ দাবী উত্থাপন হৈ আহিছে । ৪৮ খন আসনেৰে স্কটিছ নেশ্বনেল পাৰ্টীয়ে ১৩ খন আসনৰ লাভত থকাৰ বিপৰীতে ছখন আসন লাভ কৰি সাতখন হৰুওৱাৰ লগতে লেবাৰ দলে মাত্ৰ এখন আসন লাভ কৰিবলৈ সক্ষম হয়। দলটোৱে ছখন আসন হেৰুৱায় । ২০১৪ চনৰ প্ৰথম গণভোটত ৪০ শতাংশ স্কটিছে স্বাধীনতাৰ হকে ভোট প্ৰদান কৰিছিল। তেতিয়াৰে পৰা লণ্ডন বিৰোধী ক্ষোভ বৃদ্ধি পাবলৈ ধৰে । তদুপৰি জনছনে সীমা নিয়ন্ত্ৰণ কৰিবলৈ গ’লে ব্ৰেক্সিটৰ ফলত উত্তৰ আয়াৰলেণ্ডৰ সৈতে সংঘাত সৃষ্টি হ’ব পাৰে । আয়াৰলেণ্ডৰ সৈতে এক অদৃশ্য সীমান্ত অব্যাহত ৰখাৰ বাবে জনছনে সদায় পোষকতা কৰি আহিছে । কিছুমান স্থানত এক গোলাপ কুসুম সদৃশ প্ৰতিচ্ছবি পৰিস্ফুট কৰিবলৈ চেষ্টা কৰা হ’লেও বস্তুনিষ্ঠ আলোচকসকলৰ মতে ব্ৰেক্সিটে ব্ৰিটিছ অৰ্থনীতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। লণ্ডনৰ ইনষ্টিটিউট ফৰ্ ফিচকেল ষ্টাডীৰ মতে ব্ৰিটেইনৰ জিডিপি ৩ শতাংশলৈকে হ্ৰাস পাব পাৰে। আন অধ্যয়নসমূহে এই হাৰ ইয়াতকৈ বেছি দেখাইছে । তদুপৰি ই ইউ,আমেৰিকা যুক্তৰাষ্ট্ৰ,চীন,ভাৰতবা অন্যান্য দেশৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ ব্ৰিটেইনে নতুন অৰ্থনৈতিক কৌশল অৱলম্বন কৰিব লাগিব। বৰ্তমান পৰিস্থিতি তথা ব্ৰেটইনৰ দৌৰাদৌৰিৰ প্ৰতি লক্ষ্য ৰাখিলে দেখাযায় যে ব্ৰিটেইনৰ বাবে এফ টি এ বা মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰাটো সহজ নহ’ব ।

ব্ৰিটেইনৰ নিৰ্বাচনৰ শক্তিশালী প্ৰাৰ্থীসকল

আৰু পঢ়কঃ বৰপেটাত বনবিভাগৰ ছত্ৰছায়াত অব্যাহত চোৰাং বালি ব্যৱসায়

২০২০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ইউৰোপিয়ান ইউনিয়নৰ সৈতে হোৱা চুক্তিসমূহ নস্যাৎ কৰিবলৈ সময় আছে । আনহাতে ২০১৯ চনৰ ১৭ অক্টোবৰত ইউৰোপিয়ান ইউনিয়ন আৰু বৰিছ জনছনৰ মাজত এক বুজাবুজি সম্পন্ন হয় যদিও হাউছ অৱ্ কমনছত টৰীছৰ সংখ্যাগৰিষ্ঠতা নথকা বাবে সেয়া বাতিল হয় । বৰ্তমান জনছনৰ সম্পূৰ্ণ জনাদেশ আৰু সংখ্যাগৰিষ্ঠতা থকাৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো পুনৰবাৰ আলোচনাৰ মাজলৈ আহিব পাৰে। ইউৰোপিয়ান ইউনিয়নৰ পৰা ব্ৰিটেইনলৈ এগৰাকী দক্ষ বা অদক্ষ ব্যক্তি স্বাধীনভাৱে বিচৰণ কৰিব পৰা অধিকাৰ ব্ৰেক্সিটে নাইকিয়া কৰিব। গতিকে ইমিগ্ৰেচন ব্যৱস্থা দেশতকৈ যোগ্যতা কেন্দ্ৰিক হৈ পৰিব। যাৰ ফলত ইউৰোপিয়ান ইউনিয়নৰ দৰে ভাৰতীয়সকলো সমানে প্ৰৱেশ কৰিব পাৰিব। গতিকে ভাৰতীয় আৰু অনা-ই ইউ নাগৰিকসকলে টায়াৰ-২ (দক্ষ) ভিছা লাভ কৰিবলৈ সক্ষম হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগে লগে বৰিছ জনছনক অভিনন্দন জ্ঞাপন কৰে আৰু ভাৰতলৈ আমন্ত্ৰণ জনায়। ১৩ ডিচেম্বৰত মোদীয়ে টুইট কৰি কৈছিল-“একক সংখ্যাগৰিষ্ঠতাৰে প্ৰত্যাৱৰ্তন কৰাৰ বাবে বৰিছ জনছনক অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ । মই তেওঁক শুভেচ্ছা জনোৱাৰ লগতে ভাৰত-ব্ৰিটেইনৰ সম্পৰ্ক নিবিড় কৰাৰ বাবে একেলগে কাম কৰিবলৈ অপেক্ষা কৰিছোঁ ।”২৫ বছৰ পূৰ্বে মেৰিনা হুইলাৰক (মেৰিনাৰ মাতৃ ভাৰতত জন্ম গ্ৰহণ কৰা শিখ) বিয়া পতা জনছনে কেইবাবাৰো ভাৰতলৈ আহিছে । তেওঁ শীঘ্ৰে এক চৰকাৰী ভ্ৰমণসূচীত ভাৰতলৈ অহাৰ সম্ভাৱনা আছে ।

ব্ৰিটেইন নিৰ্বাচনৰ দুগৰাকী মহিলা প্ৰাৰ্থী

প্ৰথম কথাটো হ’ল বৰ্তমান ব্ৰিটিছ কমনছত পোন্ধৰগৰাকী ভাৰতীয় বংশোদ্ভৱ সাংসদ আছে । তাৰে সাতগৰাকীয়ে কনজাৰ্ভেটিভ পাৰ্টীক প্ৰতিনিধিত্ব কৰে । ঐতিহাসিকভাৱে ১.৫ মিলিয়ন জনসংখ্যাৰ ইংলেণ্ডৰ ভাৰতীয় সমাজখন লেবাৰ পাৰ্টীৰ প্ৰতিহে বেছি সদয় । কিন্তু কাশ্ৰমীৰ সন্দৰ্ভত কৰবাইনৰ পক্ষপাতদুষ্টতাত অসন্তুষ্ট হৈ ভাৰতীয় সমাজখনে লেবাৰ পাৰ্টীৰ পৰা দূৰত্বত অৱস্থান কৰে । এই সন্দৰ্ভত কনছাৰ্ভেটিভ ফ্ৰেণ্ডছ্ অৱ্ ইণ্ডিয়াৰ অধ্যক্ষ ৰামী ৰেংগাৰে কৈছে “ভাৰতীয়সকলে অভূতপূৰ্বভাৱে কনজাৰ্ভেটিভক ভোটদান কৰিছে ।

লণ্ডনৰ ৰাজনীতিত পৰিৱৰ্তনৰ বতাহ

কাশ্মীৰ সন্দৰ্ভত লেবাৰ দলৰ নীতিয়ে ভাৰতীয়সকলক পূৰ্বতে কাহানিও নোহোৱাকৈ একত্ৰিত কৰিছে।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ লগতে ব্ৰিটেইনৰ ভাৰতীয় সমাজ আৰু ভাৰতীয় দূতাবাসে লেবাৰ পাৰ্টীক উচিত প্ৰত্যুত্তৰ দিছে । ভাৰতীয় দূতাবাসে ততাতৈয়াকৈ লেবাৰ পাৰ্টীৰ সাংসদ,বিষয়ববীয়া আৰু সমৰ্থকসকলৰে গঠিত লেবাৰ ফ্ৰেণ্ডছ্ অৱ্ ইণ্ডিয়াৰ বাবে আয়োজিত পৰম্পৰাগত নৈশভোজ বাতিল কৰে । ভাৰতীয় দূতাবাসৰ সহযোগত ভাৰতীয় সমমাজখনে ২৯ ছেপ্টেম্বৰত আয়োজন কৰা ভাৰতীয় দিৱসত লেবাৰ পাৰ্টীৰ কোনো প্ৰতিনিধিকে নিমন্ত্ৰণ জনোৱা হোৱা নাছিল । ইয়াৰ জৰিয়তে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছিল । পূৰ্বৰ ই ই চি বা বৰ্তমান ইউৰোপিয়ান ইউনিয়নত যোগদান কৰাৰ ক্ষেত্ৰত ব্ৰিটেইনে পলম কৰিছিল আৰু ইউৰোপিয়ান ইউনিয়ন ত্যাগ কৰাৰ ক্ষেত্ৰত দেশখন সবাতোকৈ আগত হিচাপে পৰিগণিত হৈছে । যিগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ দিনত ব্ৰেক্সিট গণভোট অনুষ্ঠিত হৈছিল সেইগৰাকী প্ৰধানমন্ত্ৰী ডেভিড কেমেৰুণে ব্ৰেক্সিট সন্দৰ্ভত এক সদৰ্থক ভোটক বাধা প্ৰদান কৰাত তেওঁৰ অক্ষমতাৰ বিষয়ে প্ৰকাশ কৰিছিল । বহুতে ক’ব খোজে ইয়াৰ জৰিয়তে কেতিয়াও সূৰ্যাস্ত নোহোৱা ইংলেণ্ডৰ সাম্ৰাজ্যখনৰ কেৱল মাত্ৰ ইংলেণ্ড হিচাপে অৱনতি ঘটিব ।

লগতে চাওকঃ নিৰ্ভয়া কাণ্ডৰ 4 দোষীক ফাঁচীৰ নিৰ্দেশ দিল্লী আদালতৰ

লেখক- বিষ্ণু প্ৰকাশ (দক্ষিণ কোৰিয়া আৰু কানাডাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰাক্তন মুখপাত্ৰ লেখক এগৰাকী বৈদেশিক পৰিক্ৰমা বিষয়ক বিশ্লেষক)

ABOUT THE AUTHOR

...view details