নেশ্যনেল ডেস্ক, 11 জানুৱাৰী: ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰত জুৰি আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই মংগলবাৰে প্ৰৱেশ কৰে পাঞ্জাৱত (Bharat Jodo Yatra started in Punjab) ৷ ৰাহুল গান্ধীৰ নেতৃত্বত বুধবাৰৰ পুৱাই ৰাজ্যখনত আৰম্ভ হয় ভাৰত জোড়ো যাত্ৰা ৷ ৭ বজাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথমে ফাতেহগড় চাহিব গুৰুদ্বাৰত প্ৰণাম জনায় (Congress leader Rahul Gandhi)৷
তাৰ পাছত পুৱা ৭:৫০ মিনিটত ছিৰহিন্দৰ ডানা মণ্ডিত হাৰিয়ানাৰ কংগ্ৰেছ নেতাসকলে পাঞ্জাৱৰ কংগ্ৰেছ নেতাসকলক পতাকা অৰ্পণ কৰাৰ পাছত পুৱা ৮:২০ বজাৰ পৰা যাত্ৰা আৰম্ভ হয় (Punjab congress in Bharat Jodo Yatra) । পুৱা ৮:২০ বজাত ভাৰত জোড়ো যাত্ৰা আৰম্ভ হোৱাৰ পাছত কাৰ্যসূচী অনুলৰি পুৱা ১১:৩০ বজাত পুৱাৰ আহাৰ গ্ৰহণ কৰা হ’ব ৷ পুনৰ মন্দি-গোবিন্দগড়ৰ খালছা বিদ্যালয়ৰ খেলপথাৰৰ পৰা ৩:৩০ বজাত আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা । ৰাহুল গান্ধীৰ লগতে পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজা ৱাৰিং (MLA Amrinder Singh Raja Warring) , কংগ্ৰেছ নেতা প্ৰতাপ সিং বাজৱাকে ধৰি অন্যান্য কংগ্ৰেছ নেতা উপস্থিত থাকিব এই যাত্ৰাত ।
মঙলবাৰে ৰাহুল গান্ধীয়ে পাঞ্জাৱত প্ৰৱেশ কৰিয়েই গুৰু নগৰ অমৃতসৰৰ শ্ৰী হৰিমন্দিৰ চাহাবত উপস্থিত হৈ প্ৰণাম জনায় । সেই সময়ত ৰাহুল গান্ধীয়ে পৰিধান কৰিছিল এটি কেশৰ ৰঙৰ পাগুৰি । প্ৰণাম জনোৱাৰ পিছত ৰাহুল গান্ধীয়ে এক টুইটযোগে সত শ্ৰী অকল বুলি স্মৰণ কৰি কয় যে, গুৰুৰ দুৱাৰত তথা শ্ৰী হৰমন্দিৰ চাহাবত উপস্থিত হৈ মানৱীয় মূল্যবোধৰ প্ৰতি বিশ্বাস আৰু গভীৰ ৰূপত প্ৰকট হৈ পৰে ৷