অসম

assam

ETV Bharat / bharat

মণিপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন

মণিপুৰৰ ইম্ফল পশ্চিমৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন আৰম্ভ হয় (Bharat Jodo Nyay Yatra)। নাগালেণ্ডত প্ৰৱেশৰ পূৰ্বে এই যাত্ৰা কাংপোকপি, সেনাপতি আৰু চেকমাইলৈ যাব ।

By ANI

Published : Jan 15, 2024, 11:37 AM IST

Congress' Bharat Jodo Nyay yatra resumes in Manipur
মণিপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন

নেশ্যনেল ডেস্ক,১৫ জানুৱাৰী :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দেওবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ । দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে পুৱতি নিশাই মণিপুৰৰ ইম্ফল পশ্চিমৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হয় ৷ তাৰ পিচত কাংপোকপি আৰু পিচত মণিপুৰৰ সেনাপতিলৈ যাত্ৰা হ'ব ৷ চেকমাইৰ পৰা গৈ নিশা নাগালেণ্ডত উপস্থিত হ'ব আৰু যাত্ৰাৰ দলটো নিশা তাত থাকিব ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্সৰ এটা পোষ্টত কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয় দিনা পুৱা ৭:৩০ বজাত সেৱা দলৰ দ্বাৰা কেম্পচাইটত পৰম্পৰাগত পতাকা উত্তোলনৰ সৈতে আৰম্ভ হয় । মণিপুৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰই পতাকা উত্তোলন কৰে ।

দলৰ সামাজিক মাধ্যমৰ প্ৰতিনিধি সুপ্ৰিয়া শ্ৰীনেটে এক্সৰ পোষ্টত কয়, "ন্যায়ৰ বাবে চিঞৰ বাখৰ কৰা প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে সাজু হৈছো আপোনাৰ কথা শুনিবলৈ - নিবনুৱা, মুদ্ৰাস্ফীতি, দৰিদ্ৰতা, অপৰাধ, নিৰাপত্তাহীনতাৰ ওপৰত আমি একেলগে একত্ৰিত হৈ সমাধান বিচাৰি পাম ।"

উল্লেখ্য যে দেওবাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৱায়ানাড়ৰ সাংসদ ৰাহুল গান্ধীয়ে মণিপুৰৰ থৌবালৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰে । এই যাত্ৰাই ৬৭ দিনত ৬,৭০০ কিলোমিটাৰ অতিক্ৰম কৰিব আৰু দেশৰ ১১০ খন জিলাৰ মাজেৰে পাৰ হ'ব ।

যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে দলটোৰ নেতা আৰু কৰ্মীসকলে উত্তৰ-পূৱৰ ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাহুল গান্ধীয়ে দেওবাৰে যাত্ৰাৰ আৰম্ভ কৰাৰ সময়ত কৈছিল যে তেওঁৰ দলে জনসাধাৰণৰ ন্যায় নিশ্চিত কৰিবলৈ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে । তেওঁৰ মতে সম্প্ৰতি সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সকলো ক্ষেত্ৰতে অন্যায় চলি আছে । সেয়েহে কংগ্ৰেছ দলে এই অন্যায়ৰ বিৰুদ্ধে যাত্ৰা আৰম্ভ কৰিছে । ইফালে হিংসাজৰ্জৰ ৰাজ্যখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ নকৰাৰ বাবে ৰাহুল গান্ধীয়ে তীব্ৰ সমালোচনাও কৰে ।

লগতে পঢ়ক :লক্ষ্ণৌত সেনা দিৱসৰ বিশাল কাৰ্যসূচী

ABOUT THE AUTHOR

...view details