নিউজ ডেস্ক, ২২ নৱেম্বৰ: ভাৰতৰ প্ৰাক্তন ফুটবল অধিনায়ক বাইচুং ভূটীয়াই পুনৰ ৰাজনৈতিক সিদ্ধান্ত সলনি কৰিছে । ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙৰ দল ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টত (এছডিএফ) যোগদান কৰিবলৈ সাজু হৈছে প্ৰাক্তন তাৰকা ফুটবলাৰগৰাকী । পূৰ্বে পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ সংগ ত্যাগ কৰি ভূটীয়াই ছিকিমত নিজাকৈ ৰাজনৈতিক দল হামৰো ছিকিম গঠন কৰিছিল ।
জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা তেওঁ ছিকিমৰ ৰাভাংলাত এছডিএফত যোগদান কৰিব । ৰাজনৈতিক সংযোগ সলনি কৰাৰ বাবে তেওঁক বহু সময়ত সমালোচনা কৰা হৈছে । লগতে ভূটীয়াৰ ভূমিকাক সমালোচনা কৰিছে ছিকিমৰ শাসকীয় দল প্ৰেম সিং গোলৰ ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ।
ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ মুখ্য উপদেষ্টা চন্দ্ৰপ্ৰকাশ ভট্টা ৰায়ে কয়, "এদিন বাইচুং ভূটীয়াই পৱন চামলিং আৰু তেতিয়াৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল । এতিয়া তেওঁ আদৰ্শ পাহৰি তাত যোগদান কৰিছে । ইয়াৰ পূৰ্বে তেওঁ তৃণমূল কংগ্ৰেছলৈ গৈছিল । কি লাভ হৈছে ? ছিকিমত তেওঁৰ ৰাজনীতি বা ৰাজনৈতিক দলৰ কোনো অস্তিত্ব নাই । তেওঁৰ কোনো প্ৰভাৱ নাই । তেওঁৰ লগত এজনো মানুহ নাই । আমি ভূটীয়াক খেলুৱৈ হিচাপে সন্মান কৰো, কিন্তু ভূটীয়াক ৰাজনীতিবিদ হিচাপে ভাল নাপাওঁ ।"
ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ উপ-সভাপতি ডি বি থাপাই কয় যে ইয়াৰ পূৰ্বেও কেইবাবাৰো আলোচনা হৈছে । বাইচুং ভূটীয়াই যোগদান কৰিলে দলৰ বাবে ভাল হ’ব । দলৰ ক্ষমতা বৃদ্ধি পাব । বাইচুং ভূটীয়া দলৰ মুখ হ’ব ৷ শেহতীয়াকৈ আমি উত্তৰ ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানুহৰ সৈতে একেলগে কাম কৰিছো ।"