নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ :মঙলবাৰে স্বাধীনতা সংগ্ৰামী ভগত সিঙৰ ১১৪ সংখ্যক জন্ম জয়ন্তী দেশজুৰি পালন কৰা হয় । স্বাধীনতা সংগ্ৰামীগৰাকীৰ জন্ম জয়ন্তী উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) বিশেষ টুইটযোগে শ্ৰদ্ধাঞ্জলি জনায় । প্ৰধানমন্ত্ৰী গৰাকীৰ মতে সাহসী শ্বহীদ ভগত সিং (Bhagat Singh) সকলো ভাৰতীয়ৰ হৃদয়ত আছে ।
তেওঁৰ সাহস আৰু ত্যাগে অগনন ভাৰতীয়ৰ মনত দেশপ্ৰেম জগাই তোলে । সেয়ে মহান নায়কগৰাকীৰ জন্ম জয়ন্তীত তেওঁক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । লগতে দেশৰ স্বাধীনতাৰ বাবে তেওঁৰ বলিদানক স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।