নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ :তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ভোটাৰসকলে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ ওলাই আহিছে । ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যখনত বৃহৎ জুৱাও আৰম্ভ হৈছে । ৰাজ্যখনত কোটি কোটি টকাৰ জুৱা চলিছে । কোনটো দল ক্ষমতালৈ আহিব ? সমষ্টিবোৰত বিজয়ী প্ৰাৰ্থী কোন হ'ব, মুখ্য দলবোৰৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ ভৱিষ্যৎ কি হ'ব ? এই বিষয়বোৰৰ ওপৰত এতিয়া কোটি কোটি টকাৰ বাজি চলিছে । আৰক্ষীয়ে সন্দেহ কৰা মতে ৰাজ্যখনত প্ৰায় ৫০০ কোটি টকাৰ অনলাইন আৰু অফলাইন বেটিং হৈছে ।
ইফালে তেলেংগানাৰ লগতে ৰাজস্থান, ছত্তীশগড়, মধ্য প্ৰদেশ আৰু মিজোৰামতো নিৰ্বাচন অনুষ্ঠিত হৈছে । খবৰ অনুসৰি এই ৫খন ৰাজ্যৰ নিৰ্বাচনত বেটিঙৰ মূল্য হ'ব প্ৰায় ১০০০ কোটি টকা । ভোটগ্ৰহণ বিভিন্ন তাৰিখত অনুষ্ঠিত হ'লেও সকলো ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হ'ব । সেয়েহে আৰক্ষীয়ে সন্দেহ কৰা মতে বেটিং বা বাজিৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।
জানিব পৰা মতে এইবাৰ মুখ্য দলসমূহৰ বিশিষ্ট নেতাসকলৰ নামত বেছিকৈ জুৱা চলিছে । বুকীবোৰে মুখ্যমন্ত্ৰী কেচিআৰ, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডী, মন্ত্ৰী কেটিআৰ, হৰিশ ৰাও, বিজেপি নেতা ইতলা ৰাজেন্দ্ৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ নেতাসকলৰ বিজয় আৰু সংখ্যাগৰিষ্ঠতাৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাইছে । কিন্তু মূল জুৱা চলিছে ৰাজ্যখনৰ ১১৯ খন বিধায়িনী আসনত কোন দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিব । সম্প্ৰতি অনলাইনৰ কিছুমান বেটিং এপ আৰু ৱেবছাইটত ১ লাখ টকাৰ হাৰত বাজি চলি আছে ।